![]()
বিশেষ প্ৰতিবেদন:
বিভিন্ন ঠাইৰ পৰা এটা দুটাকৈ সংগ্ৰহ কৰা ইটাৰ সৈতে আৰু কিছু কিনি তিনি সন্তানৰ বাবে ঘৰ সাজিলে পিতৃ দুলাল দাসে। চেহাৰাত বার্ধক্যৰ চাপ। পিতৃ যতীনন দাস আছিল এসময়ৰ জমিদাৰ। কিন্তু পিতৃয়ে দ্বিতীয় বিবাহ কৰোৱাত দুলাল দাসৰ জীৱনলৈ নামি আহে অমানিশা। বঞ্চিত হয় পৈতৃক সম্পত্তিৰ পৰা।
ইয়াৰ পিছৰ পৰাই ভেন চলাই জীৱিকা নির্বাহ কৰে দুলালে। এনেদৰেই ১৮ বছৰ ধৰি ভেন চলোৱাৰ মাজে মাজে নিজৰ সন্তানৰ মূৰ গোঁজাৰ ঠাই নিশ্চিত কৰিবলৈ সংগ্ৰহ কৰিছিল ইটা।
ভেনচালক দুলাল দাসৰ ঘৰ উত্তৰ প্ৰদেশৰ ছার্চা গাঁৱত। তেওঁৰ ডাঙৰ পুত্ৰ মিত্র দাস, মাজু পুত্ৰ গোস্ত দাস আৰু সৰু পুত্ৰ মিলন দাস। তেওঁলোক সকলোৱে বিবাহিত।
দুলাল দাসে কয়, সৰু কালতে পিতৃক হেৰুৱাইছিল। এসময়ত পিতৃ জমিদাৰ আছিল। আছিল ২০ বিঘা মাটি। কিন্তু পিতৃ যতীন দাসে দ্বিতীয় বিবাহ কৰোৱাৰ পিছতেই কপাল পোৰে তেওঁলোকৰ তিনি ভাই আৰু পাঁচ ভনীৰ। বঞ্চিত হয় পিতৃৰ সম্পত্তিৰ পৰা। লিখা-পঢ়াও কৰিব নাপালে।
সৰু কালৰ পৰাই ভেন চলাই আৰু দিন মজুৰি কৰি সংসাৰ চলাইছে। ১৮ বছৰ পূৰ্বে মৃত্যু হয় পত্নীৰ। ইয়াৰ পিছত তেওঁ তিনি সন্তানৰ মুখৰ ফালে চাই আৰু বিয়াৰ কথা নাভাবিলে। অভাৱৰ সংসাৰত সন্তানেও পঢ়া-শুনা কৰিব নোৱাৰিলে।
তিনি সন্তানৰ বাবে তিনিটা ঘৰ সজাৰ বিষয়ে তেওঁ কয়, মাতৃহাৰা তিনি সন্তানৰ মনত কষ্ট দেখিব নোৱাৰে। সেই কাৰণেই ১৮ বছৰ ধৰি বিভিন্ন স্থানৰ পৰা ইটা বুটলিছে। একে সময়তে প্রতিদিনে ভেন চলাই যি ধন পায়, তাৰেই ৩০-৪০টা ইটা কিনে। এইবোৰ ইটা জোগাৰ কৰিয়েই সন্তানৰ বাবে তিনিটা ঘৰ সাজে।
ইয়াৰ উপৰি ঘৰলৈ অহা-যোৱা কৰা ২৫ ফুটৰ ৰাস্তাটো সাজিবৰ বাবেও ইয়াৰ মাজতে ইটা, বালি, শিল, চিমেণ্ট আদি আনি ৰাখিছে। এই কামত তিনিও পুত্ৰই তেওঁক সমানে সহযোগিতা কৰিছে। সঁচাকৈয়ে সন্তানৰ প্ৰতি মোহ আৰু দায়বদ্ধতাৰ এয়া এক বিৰল দৃষ্টান্ত।












