![]()
নিউজ ডেস্ক:
দাৰিদ্রতাৰ সৈতে মেধাৰ যুঁজ । আজিৰ নহয় এই যুঁজ কেইবাশ বছৰ পুৰণি ৷প্রতিভাবানসকলে অবশ্য চিৰকাল গ’ল দিছে দৰিদ্রতাক। এইবাৰ আকৌ একেই দৃশ্য প্ৰতিফলিত হ’ল মধ্যপ্রদেশৰ ইন্দোৰত ৷
এক দিন মজুৰি কৰা পৰিয়ালৰ ছোৱালী ভাৰতী খান্ডেৰকৰ প্রমাণ কৰিছে,ইচ্ছা ও প্রতিভা থাকিলে দৰিদ্রতা পঢ়া-শুনাৰ অন্তৰায় হ’ব নোৱাৰে ৷ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বাবে তাইক এটি ফ্লেট উপহাৰ দিছে ইন্দোৰ মিউনিছিপাল কর্প’ৰেছনে।
ইন্দোৰৰ প্রধানমন্ত্রী আবাস যোজনাৰ প্রশান্ত দিঘে জানিবলৈ দিছে যে, , “ইন্দোৰৰ এজনী ছোৱালী যি পদপথত বসবাস কৰে, তাই মাধ্যমিকত ফাৰ্ষট ডিভিজনত উত্তীৰ্ণ হৈছে । কমিছনাৰে এই বিষয়টি বিবেচনা কৰি তাইক এটা ১ বিএইচকে ফ্লেট উপহাৰ দিছে। ইয়াৰোপৰি ছোৱালীজনী যাতে খৰছবিহীন ভাবে লিখা- পঢ়া কৰিব পাৰে সেই ব্যৱস্থাও কৰিব ৷ ইতিমধ্যে তাইক চকী,মেজ, কিতাপ আৰু কাপোৰ -কানি দিয়া হৈছে ৷
ইন্দোৰৰ পৌৰ কমিছনাৰ প্রতিভা পালৰ নির্দেশৰ পিছতেই চিটি ইঞ্জিনিয়াৰ মহেশ শর্মা ভাৰতী খন্দেকাৰৰ পৰিয়ালক তেওঁলোকৰ নতুন বাসগৃহৰ খবৰ দিয়ে ৷ ভাৰতী মাধ্যমিক পৰীক্ষাত ৬৮% নম্বৰ লাভ কৰিছে ৷
নতুন বাসভৱন পাই ভাৰতীৰ পিতৃ আনন্দত আত্মহাৰা হৈ পৰিছে ৷ তেওঁ জনাইছে যে, কেতিয়াও স্কুললৈ নগলেওঁ সন্তানৰ পঢ়া-শুনাত তেওঁ যত্ন লৈছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল ৷ শিবাজী মার্কেটৰ ফুটপাতৰ সন্মূখৰ ফালে এটি জুপুৰি ঘৰত তেওঁলোক আছিল ৷ কিন্তু সেইটোও ভাঙি পেলোৱা হৈছিল ৷
তাইৰ পিতৃয়ে কৈছে যে, ” মোৰ স্ত্ৰী আৰু মই দৈনিক মজুৰি কৰোঁ ৷ পুৱা মই কাম কৰিবলৈ যাওঁ আৰু মোৰ পত্নী এখন স্কুলত চাফাই কাম কৰে ৷ভাৰতী তাইৰ সৰু ভাতৃ সকলৰ চোৱা- চিতা কৰে ৷ আমি দিনান্তত ঘৰত অহাৰ পিছত তাই ৰাতি ১ বজালৈ অধ্যয়ণ কৰে ৷ ওৰে নিশা পিতৃ-মাতৃ উজাগৰে থাকি ভাৰতীৰ প্ৰতি নজৰ ৰাখে ৷ ভাৰতী তাইৰ নিজৰ সাফল্যৰ কৃতীত্ব পিতৃ- মাতৃ, শিক্ষক আৰু পৰামৰ্শদাতা সকলক দিছে ৷
তাই কৈছে, ” মই ১০ ম শ্ৰেণীত ৬৮ শতাংশ পাইছো মোৰ সাফল্যৰ কৃতিত্ব মোৰ মা-বাবাৰ । তেওঁলোকে মোক স্কুলত পঠাবলৈ কঠোৰ পৰিশ্ৰম কৰিছে ৷ ইয়াৰোপৰি নিজৰ সপোনক গোপন কৰা নাই ভাৰতীয়ে ৷ তাই এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ মন মেলিছে ৷ তাই কৈছে, ” মই ফুটপাথত জন্মগ্রহণ কৰিছো আৰু তাতেই লিখা- পঢ়া কৰিছোঁ ৷ থকাৰ বাবে কোনো ঘৰ নাছিল ৷ তেওঁক এটি ঘৰ আৰু বিনামূলীয়া লিখা- পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে তাই প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে ৷ ৷












