![]()
নিউজ ডেস্ক:
বহু দিন বিৰতিৰ পিছত পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় নৌসেনাৰ কৰ্মচাৰী কুলভূষণ যাদবক লৈ ভাৰত-পাকিস্তানৰ মাজত প্রবল সংঘাতৰ বাতাবৰণ সৃষ্টি হৈছে।
ইছলামাবাদ পক্ষৰ পৰা সাংবাদ মেলত দাবী কৰা হৈছে, চৰ্য্যবৃত্তিৰ অভিযোগত পাক আদালতত বন্দী কুলভূষণ যাদৱে নিজেই পাক সামৰিক আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায় পুর্নবিবেচনাৰ বাবে আর্জি জনাবলৈ বিচৰা নাই। তাৰ সলনি তেওঁৰ প্রাণভিক্ষাৰ যি আবেদন পাক চৰকাৰৰ ওচৰত ওলমি আছে সেইখনেই দাঙি ধৰিব বিচাৰে।

ইফালে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অনুৰাগ শ্রীবাস্তবে বিবৃতি দি জনাইছে, ভাৰত চৰকাৰে যাদবক সুৰক্ষা দিয়া আৰু নিৰাপদে দেশলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ চেষ্টা কৰিব। তাৰ বাবে সকলো পথেই বিবেচনা কৰি চোৱা হ’ব।
উল্লেখযোগ্য যে বিগত বছৰত জুলাইত কুলভূষণ যাদবৰ মৃত্যুদণ্ডক লৈ ভাৰতৰ পক্ষেতেই ৰায় দিছিল আন্তর্জাতিক আদালতে। কুলভূষণ যাদবৰ মৃত্যুদণ্ড ৰদ কৰি পুনর্বিচাৰ কৰা উচিত পাকিস্তানৰ— নিজৰ পর্যবেক্ষণত জনাইছিল আন্তর্জাতিক আদালতে। কুলভূষণক কনছুলাৰ একছেছ দিয়াৰ নিৰ্দেশনাও দিয়া হয়।
কেৱল সেয়াই নহয়, কনছুলাৰ একছেছ নিদি পাকিস্তানে ভিয়েনা চুক্তি লঙ্ঘন কৰিছে বুলিও পর্যবেক্ষণত জনায় আন্তর্জাতিক আদালতৰ ১০ সদস্যৰ ন্যায়াধীশ পেনেলে।
পাক সংবাদ মাধ্যমৰ খবৰ অনুযায়ী, পাকিস্তানৰ অতিৰিক্ত এটর্নি জেনেৰেলে জনাইছে, বিগত ১৭ জুনত তেওঁৰ মৃত্যুদণ্ডৰ বিৰুদ্ধে পুনৰ আবেদন কৰাৰ কথা আছিল কুলভূষণৰ। কিন্তু সেয়া তেওঁ কৰিব নিবিচাৰে।
আনহাতে, ভাৰতৰ বক্তব্য সকলোবোৰেই পাকিস্তানৰ চক্রান্ত। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্রৰ মতে, “পাকিস্তানৰ পক্ষৰ পৰা সংবাদ মাধ্যমক যি বিবৃতি দিয়া হৈছে সেয়া আন্তর্জাতিক আদালতৰ ৰায়ৰ মুখ বন্ধ কৰাৰ চেষ্টা।’’ তেওঁৰ বক্তব্য, “পাকিস্তানে জনাইছে যে কুলভূষণ ৰায়ে নিজেই মৃত্যুদণ্ডৰ ৰায় পুর্নবিবেচনাৰ আবেদনৰ পৰা পিছুৱাই আহিছে।
কুলভূষণ পাকিস্তানৰ সেনা কাৰাগাৰত আছে। এইটো স্পষ্ট যে তেওঁৰ ওপৰত চাপ সৃষ্টি কৰি পুর্নবিবেচনাৰ আবেদন পৰা বিৰত ৰখা হৈছে।’’ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্রৰ মতে, “আমি বাৰে বাৰে আবেদন কৰিছোঁ পাকিস্তানৰ বাহিৰৰ পৰা অধিবক্তা কুলভূষণৰ হৈ নিযুক্ত কৰা হওক। পাকিস্তানে সেই সুযোগ দিবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকৰ সামৰিক আদালতত বিচাৰৰ প্রহসন হৈছে।’’












