![]()
নিউজ ডেক্স:
শুকুৰবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেচনে৷ কাউন্সিলৰ তৰফৰ পৰা জনোৱা মতে শুকুৰবাৰে দিনৰ ৩ বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব৷
কাউন্সিলৰ ৱেবছাইটত ফলাফল আপলোড কৰা হ’ব৷ স্কুলৰ ক্ষেত্ৰত কাউন্সিলৰ কেৰিয়াৰছ (CAREERS) পৰ্টেলত লগ ইন কৰি সংশ্লিষ্ট স্কুলৰ অধ্যক্ষৰ আইডি আৰু পাছৱৰ্ড দিলে পৰীক্ষার্থীসকলে ফলাফল চাব পাৰিব৷ ফলাফলৰ বাবে www.cisce.org অথবা www.results.cisce.org লগ ইন কৰিব শাৰাব৷
লগ ইনৰ সময়ত আইএছচি নতুবা আইচিএছইৰ ফলাফল চাবলৈ নিৰ্দিষ্টকৈ জনাব লাগিব৷ ইয়াৰ পাছত পৰীক্ষাৰ্থীৰ ইউনিক আইডি, ইনডেক্স নম্বৰ দিলে ফলাফল পাব৷ এছএমএছৰ জৰিয়তে ফলাফল পাবলৈ ০৯২৪৮০৮২৮৮৩ নম্বৰত এছএমএছ কৰিলে ফলাফল জনাব৷












