![]()
নিউজ ডেস্ক:
সংঘাত বৃদ্ধি কৰি এইবাৰ ভাততীয় নিউজ চেনেলসমূহৰ সম্প্রচাৰ বন্ধ কৰিলে নেপালে। সেই দেশৰ মাল্টি ছিষ্টেম অপাৰেটৰসকল (এমএছঅ’)ৰ এই সিদ্ধান্তত বৃহস্পতিবাৰৰ পৰাই দূৰদৰ্শনৰ বাহিৰে বন্ধ কৰি দিয়া হ’ল সকলো ভাৰতীয় নিউজ চেনেল।
নেপালৰ এমএছঅ’ বা সম্প্রচাৰ সেৱা প্রদানকাৰী সংস্থাসমূহৰ অভিযোগ, ভাৰতীয় নিউজ চেনেলসমূহত তেওঁলোকৰ প্রধানমন্ত্রী কেপি শর্মা অলিৰ বিৰুদ্ধে অপপ্রচাৰ কৰা হৈছে। চীনৰ সৈতে অলিৰ সম্পর্কক লৈ বিভ্রান্তিকৰ খবৰ পৰিবেশন কৰিছে ভাৰতীয় চেনেলসমূহে।
আনহাতে, কালিয়েই নেপালৰ শাসকীয় দল ‘নেপাল কমিউনিষ্ট পার্টি’ৰ মুখপাত্র নাৰায়ণ কাজিয়ে শ্রেষ্ঠ ভাৰতীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে গৰজি উঠে। তেওঁও অভিযোগ জনাইছে যে, উদ্দেশ্যপ্রণোদিতভাবে প্রধানমন্ত্রী অলিৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা হৈছে ভাৰতীয় মিডিয়াত। বিশ্লেষকসকলৰ মতে, কাঠমাণ্ডুৰ নির্দেশতেই এই কাম কৰা হৈছে।












