![]()
নিউজ ডেস্ক:
দাহ কৰাৰ তিনি দিন পিছত ‘জী’ উঠিল ক’ৰোনাত মৃত ব্যক্তি। নিশ্চিতভাৱে এনে ঘটনাত হতবাক পৰিয়াল। প্রশ্ন উঠিছে চৰকাৰী কোভিড হস্পিটেলৰ চিকিৎসা ব্যৱস্থা আৰু বিশ্বাসযোগ্যতাক লৈ।
শুনিবলৈ আচৰিত লাগিলেও ‘মৃত’ ৰোগী ‘জীৱিত’ হৈ উঠাৰ ঘটনাটো ঘটিছে মহাৰাষ্ট্রৰ থানে চহৰত। ৰ’ব, এইখিনিতে কোনো ভুল নকৰিব। কিয়নো এয়া কোনো অলৌকিক প্রক্রিয়া নহয়, এই বিভ্রাট ঘটিছে হস্পিটেল কর্তৃপক্ষৰ গাফিলতিৰ ফলত। জানিব পৰা মতে, থানেৰ এক চৰকাৰী কোভিড হস্পিটেলত ভৰ্তি আছিল ৬৭ বছৰীয়া জনার্দন সোনাৱানে নামৰ এজন ব্যক্তি।
জুলাইৰ ৩ তাৰিখ, হস্পিটেলৰ পৰা তেওঁৰ পুত্ৰ সন্দীপক ফোন কৰি জনোৱা হয় যে তেওঁৰ পিতৃৰ মৃত্যু হৈছে। যথাৰীতি চৰকাৰী নিয়ম মানি মৃতদেহ সৎকাৰ কৰা হয়। তাৰ পিছত বিগত সোমবাৰে পুনৰ সন্দীপৰ ওচৰলৈ ফোন যায় হস্পিটেলৰ পৰা। তেওঁক জনোৱা হয় যে তেওঁৰ পিতৃ এতিয়াও বাচি আছে। তেওঁ আইচিইউত আছে। এটি বিভ্রাটৰ বাবেই বালচন্দ্র গাইকোয়াড নামৰ ৭১ বছৰীয়া ব্যক্তিজনৰ মৃতদেহ ভুল কৰি পৰিয়ালৰ হাতত তুলি দিয়া হৈছে।
এই ঘটনাক লৈ সংবাদ মাধ্যমত সন্দীপে জনায়, ৭ জুলাইত পিতৃক আইচিইউত দেখাৰ পিছত পিছত হস্পিটেল কর্তৃপক্ষক মৃত্যুৰ প্ৰমাণ-পত্ৰ ঘূৰাই দিয়ে তেওঁ। তেওঁ কয়, “এই ঘটনাত আমি হতবাক হৈ গৈছিলোঁ।
অৱশ্যে আমাৰ আনন্দ ক্ষণস্থায়ী আছিল। চিকিৎসক যোগেশ শর্মাই আমাক জনায় যে কালি ৰাতিয়ে আমাৰ পিতৃৰ মৃত্যু হৈছে। কিন্তু ক’ৰোনাত যে তেওঁৰ মৃত্যু হৈছে তাক লৈ হস্পিটেলৰ তৰফৰ পৰা আমাক কোনো নথি দিয়া হোৱা নাই।”উল্লেখ্য, ভাৰতত ক’ৰোনাত সকলোতকৈ বেছি ক্ষতিগ্রস্ত হৈছে মহাৰাষ্ট্র। মুম্বাইৰ অৱস্থা হৈ উঠিছে শোচনীয়।












