![]()
নিউজ ডেস্ক:
উত্তৰ প্রদেশৰ কানপুতাৰ কুখ্যাত অপৰাধী বিকাশ ডুবেক উত্তৰ প্রদেশৰ এছটিএফে এনকাউন্টাৰত খতম কৰে। মধ্যপ্রদেশৰ উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ কৰি বিকাশ ডুবেক উত্তৰ প্ৰদেশৰ এছটিএফৰ তিনিখন গাড়ীৰে প্রায় ৭০০ কি:মি: দূৰৈৰ কানপুৰলৈ নি থকা হৈছিল। কানপুৰৰ দেহাত হঠাৎ এছটিএফৰ এখন গাড়ী দুর্ঘটনাগ্রস্ত হয়। সেই গাড়ীতেই ৮ আৰক্ষীৰ হত্যাকাৰী বিকাশ ডুবে আছিল।
ইয়াৰ পিছত আৰম্ভ হয় এনকাউন্টাৰ। মাত্র ১০ মিনিটতেই কুখ্যাত গেংষ্টাৰ বিকাশ ডুবে শেষ হৈ যায়। এই এনকাউন্টাৰত চাৰিজন আৰক্ষীও আহত হয়। এছএছপি আৰু হস্পিটেলৰ চিকিৎসকে বিকাশ ডুবেৰ মৃত্যুৰ কথা স্বীকাৰ কৰে। কানপুৰৰ আইজি মোহিত আগৰৱালাইও বিকাশৰ মৃত্যুৰ খবৰৰ সত্যতা স্বীকাৰ কৰে।
কানপুৰৰ এছএছপি দীনেশ কুমাৰ পিয়ে জনায়, উত্তৰ প্ৰদেশ এছটিএফৰ গাড়ী দুর্ঘটনাগ্রস্ত হৈছিল। সেই সময়ত বিকাশ ডুবেই গাড়ীত থকা আৰক্ষীৰ পিস্তল কাঢ়ি ফায়াৰিং কৰি পলোৱাৰ চেষ্টা কৰিছিল। আৰু ইয়াৰ মাজতে এছটিএফৰ অন্য গাড়ীবোৰো আহি। তাত আৰক্ষীৰ ওলোটা ফায়াৰিঙত বিকাশ ডুবে নিহত হয়। ঘটনাটোত জানিব পৰা মতে, চাৰিজন আৰক্ষীও আহত হয়। তেওঁলোকৰ মাজত এজন ইনস্পেক্টৰ, এজন এছআই আৰু দুই কনষ্টেবল আছে।পুৱা প্রায় ৭:১৫ বজাত এছটিএফৰ গাড়ী বাগৰি পৰে।
যি মুহূৰ্তত এছটিএফৰ কনভয়ত থকা আৰু দুখন গাড়ী আহি ৰাখে, সেই মুহূৰ্ততে বিকাশে বাগৰি পৰা গাড়ীখনৰ পৰা বাহিৰ হয় আৰু পিস্তল লৈ ফায়াৰিং আৰম্ভ কৰিছিল। লগতে পলোৱাৰ চেষ্টাও কৰিছিল।

এছটিএফৰ জোৱানে লগে লগে বিকাশক অনুসৰণ কৰা আৰম্ভ কৰে।
দুই পক্ষৰ পৰাই হয় ফায়াৰিং।
বিকাশ ডুবে গুলিত আহত হয়, লগতে চাৰিজন আৰক্ষীও আহত হয়।
৭ঃ২৫ত এনকাউন্টাৰ শেষ।
বিকাশ আৰু আৰক্ষী কেইজনক হস্পিটেললৈ লৈ যোৱা হয়।
চিকিৎসকে বিকাশ ডুবেক মৃত ঘোষণা কৰে।












