![]()
বিশেষ প্ৰতিবেদন:
কেতিয়াকৈ বিদায় ল’ব ক’ৰোনা ভাইৰাছে! কেতিয়া পৃথিৱী পুনৰ আগৰ দৰে স্বাভাবিক হৈ উঠিবে! এইবোৰ প্রশ্নৰ উত্তৰ বৰ্তমান হয়তো কাৰোৰেই ওচৰত নাই। ভেকচিন আবিষ্কাৰৰ আশা এই পর্যন্ত কোনো দেশে দেখুৱাব পৰা নাই। সমগ্ৰ বিশ্ব প্রাণঘাতী ভাইৰাছৰ ভয়ত ত্ৰস্তমান। অন্ধকাৰ বিনাশ কৰি কেতিয়া যে পোহৰৰ ৰেঙনি আহিব তাৰ কোনো পূর্বাভাস পোৱা যোৱা নাই।
ওলোটাই প্রতিদিনেই ক’ৰোনাত আক্রান্ত হৈ মৃত মানুহৰ সংখ্যা বাঢ়িয়ে গৈ আছে। ভাৰত, আমেৰিকা, ইটালি, স্পেইন, ব্রিটেইনসহ বিশ্বৰ প্রায় সকলো দেশতেই প্ৰতিদিনে নতুনকৈ আক্রান্তৰ সংখ্যা বাঢ়িছে। উদ্বেগত আছে সাধাৰণ লোক। পৰিস্থিতি চম্ভালিবলৈ অপ্ৰাণ চেষ্টা চলাই গৈছে প্রশাসনে।
লকডাউনৰ বাহিৰে আৰু অন্য কোনো উপায় নাই। কিন্তু তাতে আকৌ আৰু ডাঙৰ বিপদ। আর্থিক দিশ ব্যাপকভাবে ক্ষতিগ্রস্ত হৈছে। ফলত দীর্ঘদিন লকডাউনৰ পথত আৰু চলিব নোৱাৰে সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি প্রশাসন। ইয়াৰ মাজতে অধিক ভয়ঙ্কৰ দিনৰ আশঙ্কাত প্রস্তুতি সম্পূৰ্ণ কৰি ৰাখিছে দক্ষিণ আফ্রিকাই। ফোর্বছে জনাইছে, দক্ষিণ আফ্রিকাৰ গাওতেং প্রদেশত ১৫ লাখ কবৰ খান্দি ৰখা হৈছে।
তাৰ প্রশাসনৰ এনেকুৱা উদ্যোগত ইতিমধ্যে সমালোচনা আৰম্ভ হৈছে। দক্ষিণ আফ্রিকাযত ক’ৰোনাৰ হট স্পট এই প্রদেশ। তাৰ মেডিকেল কাউন্সিলৰ সদস্য ডাঃ বান্দিলে মাসুকুই জনাইছে, বাধ্য হৈয়েই তেওঁলোকে এনে অস্বস্তিকৰ এক সিদ্ধান্ত ল’বলগা হৈছে। কিন্তু বহুতেই কৈছে, প্রশাসনে তেতিয়াহ’লে নিজৰ ব্যর্থতা ঢাকিবলৈ এনে নিন্দনীয় কাম আৰম্ভ কৰিছে!
প্ৰিটোৰিয়া আৰু জোহান্সবার্গ গাওতেং প্রদেশৰ অন্তর্ভুক্ত। জোহান্সবার্গ এই অঞ্চলৰ ৰাজধানী। গাওটেঙত ক’ৰোনা আক্রান্তৰ সংখ্যা ৭১ হাজাৰ অতিক্ৰম কৰিছে। দেশৰ মুঠ আক্রান্তৰ ৩৩ শতাংশ ইয়াতেই। দক্ষিণ আফ্রিকাত দুই লাখ ১৫ হাজাৰৰো অধিক মানুহ ক’ৰোনাত আক্রান্ত হৈছে। ইয়াৰ ভিতৰত ৩ হাজাৰ ৬০২ জনৰ মৃত্যু হৈছে।












