![]()
নিউজ ডেস্ক:
১৫ জুনৰ নিশা গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ সংঘর্ষৰ দিনা কেইবাজনো ভাৰতীয় জোৱানক সীমান্তত বন্দী কৰে পিপলছ লিবাৰেচন আর্মিয়ে। বন্দী কৰি ৰখা এই জোৱানসকলৰ ওপৰত নির্মম অত্যাচাৰ চলায় চীনা সৈন্যই।
চীন সীমান্তত বন্দী হৈ থকা সেই ভাততীয় জোৱানসকলৰ ভিতৰত আছিল কেৰালাৰ তিৰুঅনন্তপুৰমৰ এছ শ্যামল। নিৰস্ত্র অৱস্থাত তেওঁও চীনা সৈন্যৰ আগ্রাসনৰ মুখামুখী হয়। তেওঁ জনায়, সংঘর্ষৰ পিছত দুদিন ধৰি বন্দী কৰি ৰখা ভাৰতীয় জোৱানসকলৰ ওপৰত বর্বৰ অত্যাচাৰ চলায় চীনা সৈন্যই।
উল্লেখযোগ্য যে এছ শ্যামল ১৬ বিহাৰ ৰেজিমেন্টৰ ভাৰতীয় বিষয়া। ১২ বছৰ পূৰ্বে সেনাবাহিনীত যোগ দিছিল। ডেৰ বছৰ ধৰি তেওঁ লাদাখৰ লেহ এলেকাত কাম কৰিছে। কেৰালাত নিজৰ ঘূৰি অহাৰ কথা থাকিলেও, ক’ৰোনা সংক্রমণৰ বাবে ঘূৰি আহা নাছিল। তাৰ পিছতেই ১৫ জুনত চীনৰ সৈতে প্রকৃত নিয়ন্ত্রণ ৰেখাত মুখামুখী দ্বন্দ্বত জড়িত হৈ পৰে।
সেই দিনৰ ঘটনা প্রসঙ্গত তেওঁ কয়, কোনো কাৰণ অবিহনেই চীনা সৈন্যই ভাৰতীয় জোৱানসকলৰ ওপৰত আক্রমণ কৰিছিল। চীনা সৈন্যই সীমান্ত অতিক্রম কৰিব বিচাৰিছিল, কিন্তু আমি বাধা দি তাক ব্যর্থ কৰো। কিন্তু সংঘর্ষৰ ফলত আমাৰ জোৱানসকল আঘাতপ্ৰাপ্ত হয়।
বুধবাৰে ১৪ দিনৰ কোৱাৰেন্টাইন শেষ কৰি সংবাদ মাধ্যমৰ মুখামুখী হৈ সীমান্তত হোৱা দুর্ঘটনাক লৈ মুখ খোলে শ্যামই। ভয়াবহ পৰিস্থিতিৰ চিকাৰ হোৱা সত্ত্বেও দেশপ্রেম এতিয়াও অটুট আছে এই জোৱানৰ।
তেওঁ কয়, ”চীনা সৈন্যৰ হাতত আমি যেনেদৰে আক্রান্ত হৈছো সেয়া কল্পনাতীত। কিন্তু মোৰ অনুভৱ, এই কষ্ট মই আমাৰ দেশৰ বাবে কৰিছোঁ। সেয়ে মোৰ একো ক্ষতি হোৱা নাই। যদি আকৌ মোক মতে তেতিয়া পুনৰ যাবলৈ প্ৰস্তুত। প্রহৰী হৈ সীমান্তত কাম কৰিম।”












