![]()
নিউজ ডেস্ক:
দেশত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যাই ৮ লাখ পাৰ কৰিলে। প্ৰতিদিনেই নতুনকৈ আক্রান্ত হোৱাৰ সংখ্যাটো বাঢ়িছে। বৃহস্পতিবাৰৰ পূৰ্বে বৃদ্ধি আছিল ২৫ হাজাৰৰ গণ্ডিত। শুক্রবাৰে সেয়া বাঢ়ি হৈছিল চাৰে ২৬ হাজাৰ। শনিবাৰে সেয়া উপনীত হয় ২৭ হাজাৰৰ ঘৰত। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসাৰে, বিগত ২৪ ঘণ্টাত ২৭ হাজাৰ ১১৪ জন নতুনকৈ আক্রান্ত হৈছে। যিটো এই পর্যন্ত সর্বাধিক। এদিনত ইমান সংখ্যক মানুহ ইয়াৰ পূৰ্বে সংক্রমিত হোৱা নাছিল। ইয়াকে লৈ দেশত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা হ’ল ৮ লক্ষ ২০ হাজাৰ ৯১৬ জন।
আক্রান্তৰ লগে লগে দেশত বৃদ্ধি পাইছে ক’ৰোনাত মৃত্যুৰ সংখ্যাও। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৫১৯ জনৰ প্রাণ কাঢ়িছে ক’ৰোনাই। ইয়াকে লৈ দেশত মুঠ মৃত্যু হ’ল ২২ হাজাৰ ১২৩ জনৰ। ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ৯ হাজাৰ ৮৯৩ জনৰ। ৰাজধানী দিল্লীত ধাৰাবাহিকভাবে বাঢ়ি মৃত্যুৰ সংখ্যা হৈছে ৩ হাজাৰ ৩০০-। গুজৰাটত মৃতকৰ সংখ্যাই দুই হাজাৰ অতিক্ৰম কৰিলে। তামিলনাডুত মৃত্যু হৈছে ১ হাজাৰ ৮২৯ জন।
আক্রান্ত দ্রুত হাৰত বৃদ্ধি পালেও, ভাৰতত ক’ৰোনা ৰোগী সুস্থ হৈ উঠাৰ পৰিসংখ্যাও স্বস্তিদায়ক। এই পর্যন্ত পাঁচ লাখৰ অধিক মানুহ সুস্থ হৈছে। অর্থাৎ মুঠ আক্রান্তৰ ৬২ শতাংশৰো বেছি সুস্থ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত ১৯ হাজাৰ ৮৭৩ জন সুস্থ হৈছে। ইয়াকে লৈ মুঠ ৫ লক্ষ ১৫ হাজাৰ ৩৮৫ জন ক’ৰোনাৰ কবলৰ পৰা মুক্ত হৈছে।












