নিউজ ডেস্ক:
![]()
কঠোৰভাবে লকডাউন পালন, সংক্রমিত গলিসমূহক গণ্ডিত বান্ধি দিয়া, নিৰন্তৰ নিৰীক্ষণ আৰু বিপুল সংখ্যাত পৰীক্ষা। এনেদৰেই সফল হৈছে মুম্বাইৰ ধাৰাবী বস্তিৰ ‘কন্টেইনমেন্ট ষ্ট্ৰেটেজি’। জুন মাহৰ আৰম্ভণিতে তাত গণ সংক্রমণৰ আশঙ্কা বিয়পিলেও পৰিস্থিতি এতিয়া বহুখিনি নিয়ন্ত্রণত। বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্রধান টেড্রোছ এডহেনোম গেব্রিয়েছাছে ক’ৰোনা ভাইৰাছৰ মোকাবিলাত ধাৰাবী মডেলৰ প্রশংসা কৰি কৈছে, ‘‘মুম্বাইৰ দৰে মহানগৰীৰ ঘন বসতি এলেকাত কোভিড-১৯ মোকাবিলাৰ ক্ষেত্রত ই এক উদাহৰণ।’’
ক’ৰোনা ৰোধৰ ক্ষেত্রত এচিয়াৰ বৃহত্তম বস্তি ধাৰাবীক ‘দৃষ্টান্ত’ হিচাবে দাঙি ধৰিছে হুৰ প্রধানে। শনিবাৰে জেনেভাত ভার্চুৱেল প্রেছ কনফাৰেন্সত তেওঁ কয়, “স্পেইন, ইটালি, দক্ষিণ কোৰিয়া আনকি ঘনভিবসতিপূর্ণ মুম্বাইৰ ধাৰাবী এলেকাইও ধাৰাবাহিক যুঁজৰ মাধ্যমেৰে কৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ কমাই পৰিস্থিতি নিয়ন্ত্রণলৈ আনিব পাৰিছে। বিশ্বত এক নজিৰ স্থাপন কৰিব পাৰিছে।’’
উল্লেখযোগ্য যে মাত্র আঢ়ৈ বর্গকিলোমিটাৰৰ ধাৰাবী বস্তিতে ৯ লক্ষৰো অধিক মানুহৰ বসবাস। জুন মাহৰ আৰম্ভণিতে ধাৰাবীত গণ সংক্রমণৰ আশঙ্কা দেখা দিছিল। ক’ৰোনা আক্রান্তৰ সংখ্যা দ্রুতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। কিন্তু ইয়াৰ পিছতেই সক্রিয় হয় মহাৰাষ্ট্র চৰকাৰ আৰু বৃহন্মুম্বই মিউনিচিপাল কর্পোৰেচন (বিএমচি)। কঠোৰভাবে লকডাউন পালনৰ মাধ্যমেৰে সামাজিক দূৰত্ব বজায় ৰখাৰ বিষয়টি নিশ্চিত কৰা হয়। লগতে, ক’ৰোনা শৃংখল ভাঙিবলৈ ‘টেস্টিং, ট্ৰেকিং, আইছলেচন এণ্ড ট্রিটিং’ নীতি অনুসৰণ কৰা হয়। ঘৰে ঘৰে মোবাইল ভেন পঠাই পৰীক্ষাৰ ব্যৱস্থা কৰে বিএমচিয়ে। হু প্রধানৰ দাবী, এই নীতি অনুসৰণ কৰিয়েই লাভ কৰিছে সাফল্য।












