![]()
নিউজ ডেস্ক:
চাৰে আঠ লাখ চুবলৈ আগবাঢ়িছে দেশত ক’ৰোনা ভাইৰাছ আক্রান্তৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হিচাব অনুযায়ী, মুঠ আক্রান্তৰ সংখ্যা ৮ লাখ ৪৯ হাজাৰ ৫৫৩। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ২৮ হাজাৰ ৬৩৭ জন। এটা দিনত আক্রান্তৰ সংখ্যাত এয়া সর্বোচ্চ।
দেশত ইতিমধ্যেই ক’ৰোনাত মৃত্যু হৈছে মুঠ ২২ হাজাৰ ৬৭৪ জনৰ। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৫১ জনৰ। কিন্তু আশাৰ কিৰণ এই যে, সংক্রমণ বাঢ়িলেও সুস্থ হৈ উঠাৰ হাৰো বৃদ্ধি পাইছে। ইতিমধ্যেই সুস্থ হৈছেন ৫ লক্ষ ৩৪ হাজাৰ ৬২১ জন। বিগত ২৪ ঘণ্টাত সুস্থ হৈছেন ১৯ হাজাৰ ২৮৬ জন।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, সংক্রমণেৰ দিশৰ পৰা দেশৰ ভিতৰত শীর্ষত আছে মহাৰাষ্ট্র। তাত আক্রান্তৰ সংখ্যা ২ লক্ষ ৪৬ হাজাৰ ৬০০। তাৰ পিছত আছে তামিলনাডু। ৰাজ্যখনত মুঠ কৰোনা আক্রান্তৰ সংখ্যা ১ লাখ ৩৪ হাজাৰ ২২৬। তাৰ পিছতেই আছে দিল্লী। দিল্লীত আক্রান্তৰ সংখ্যা ১ লাখ ১০ হাজাৰ ৯২১ জন।
আক্রান্তৰ লগে লগে মৃত্যুও বাঢ়িছে ধাৰাবাহিকভাবে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৫৫১ জনৰ প্রাণ কাঢ়িছে ক’ৰোনাই। ইয়াকে লৈ দেশত মুঠ মৃত্যু হ’ল ২২ হাজাৰ ৬৭৪ জনৰ। ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ১০ হাজাৰ ১১৬ জনৰ। দিল্লীত ক’ৰোনাৰ প্রভাৱত মুঠ ৩ হাজাৰ ৩৩৪ জনৰ মৃত্যু হৈছে। তৃতীয় স্থানত থকা গুজৰাটত মৃত্যু হৈছে দুই হাজাৰ ৩২ জনৰ।












