![]()
নিউজ ডেস্ক:
ৰাজনৈতিক উত্থান-পতনৰ মাজেদি ৰাজস্থানৰ কংগ্রেছ চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ উপ-মুখ্যমন্ত্রী শচীন পাইলট আৰু তেওঁৰ সমর্থক ২২ বিধায়কে শনিবাৰে হাৰিয়ানাৰ তাউৰুৰ আইটিচি গ্ৰেণ্ড হোটেলত উপস্থিত হয়।
অৱশ্যে, তাৰ পৰা শচীন পাইলটে দিল্লী উদ্দেশ্যে ৰাওনা দিয়ে। ইফালে কংগ্রেছ বিধায়ক অহাৰ খবৰ পাইয়েই হোটেলৰ বাহিৰত হাৰিয়ানা আৰক্ষীৰ গতিবিধি বাঢ়ি যায়। সূত্ৰ অনুযায়ী, তালৈ বিধায়কসকল অহাৰ খবৰ পূৰ্বৰ পৰাই আছিল। সেই কাৰণে হোটলৰ গে’টৰ সন্মুখৰ ৰাস্তাত পূৰ্বৰ পৰাই বেৰিকেড লগাই সুৰক্ষাকর্মী মোতায়েন কৰা হৈছিল।
বিধায়কসকল অহাৰ পিছত সুৰক্ষাকর্মীসকল সতর্ক হৈ পৰে আৰু হোটেললৈ অহা-যোৱা প্রতিজন লোকক সোধাপোছা চলায়। আৰক্ষীয়ে হোটেলৰ বাহিৰত টহল দিয়ে আৰু সকলো গাড়ীৰ ওপৰত কঠোৰ নজৰ ৰখা হৈছে। উল্লেখ্য, আৰক্ষীৰ আশঙ্কা হ’ল কংগ্রেছৰ এই বিক্ষুব্ধ বিধায়কসকলক তাৰ পৰা জোৰ পূৰ্বক আঁতৰাই নিয়াৰ বাবে কংগ্রেছৰ নেতাসকল আহিব পাৰে।
শুনিবলৈ পোৱা মতে, সেই হোটেললৈ কংগ্রেছৰ বিধায়কসকলক সাক্ষাৎ কৰিবলৈ বিজেপিৰ নেতাসকলো আহিব পাৰে। কংগ্রেছৰ বিক্ষুব্ধ বিধায়কসকল বিজেপিৰ সৈতে যোগাযোগত আছে বুলি জানিব পৰা গৈছে। আৰু বিজেপিয়ে এওঁলোকৰ ভৰসাতে ৰাজস্থানত চৰকাৰ গঠন কৰাৰ চেষ্টাত আছে।












