![]()
নিউজ ডেস্ক:
ছয়দিন ধৰি বিকাশ ডুবকে বিচাৰি ফুৰিছিল আৰক্ষীয়ে। অৱশেষত মধ্যপ্রদেশৰ উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তাৰ পৰা উত্তৰ প্রদেশলৈ লৈ অহাৰ সময়ত ৰাস্তাত গাড়ী দুর্ঘটনাগ্ৰস্ত হোৱাত বিকাশ ডুবেই পলোৱাৰ চেষ্টা কৰে। ইয়াৰ পিছতেই হয় এনকাউন্টাৰ। বিকাশৰ এনকাউন্টাৰৰ পিছত সমগ্র কানপুৰজুৰি আনন্দৰ লহৰ। বিকাশ ডুবেৰ গাঁৱত মিঠাইও বিতৰণ কৰে গাঁওবাসীয়ে আনকি আৰক্ষীক ফুলৰ মালাৰে স্বাগতম জনোৱা হয়।
বিকাশৰ তালাচীৰ পৰা আৰম্ভ কৰি এনকাউন্টাৰ, সমস্ত অভিযান IPS বিষয়া অমিতাভ যশৰ নেতৃত্বত হৈছিল। অমিতাভ সেইগৰাকী আৰক্ষী বিষয়া, যাক সমগ্র উত্তৰ প্রদেশত এনকাউন্টাৰ স্পেচিয়েলিস্ট হিচাবে জনা যায়।
অমিতাভ যশ ১৯৯৬ ব্যাচৰ IPS বিষয়া। বিহাৰৰ অমিতাভে ১৯৯৬ৰ ছেপ্টেম্বৰত আৰক্ষীত যোগ দিয়ে। ইয়াৰ পিছৰ পৰাই তেওঁ নিজৰ দক্ষতামূলক কামৰ বাবে খ্যাতি অর্জন কৰিছে। বিহাৰৰ ভোজপুৰ জিলাৰ বাসিন্দা অমিতাভে পাটনাৰ পৰা স্কুলীয়া পঢ়া-শুনা শেষ কৰে আৰু ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ দিল্লীলৈ গুচি যায়। দিল্লীত কেমেস্ট্রিত বিএছচি অনাৰ্ছ কৰে তেওঁ। পঢ়া-শুনাত প্রতিভাশালী অমিতাভে আইআইটি কানপুৰত কেমিস্ট্রিত মাষ্টাৰছৰ বাবে সুযোগ পায়। ইয়াৰ লগে লগে তেওঁ আৰক্ষীৰ পৰীক্ষাৰ বাবে প্রস্তুতি চলায় আৰু ১৯৯৬ চনত তেওঁ আৰক্ষীত ভর্তি হয়।
যেতিয়া জনা গৈছিল যে, বিকাশ ডুবে চম্বলত লুকাই আছে, তেতিয়া অমিতাভক তেওঁক ধৰাৰ দায়িত্ব দিয়া হয়। উল্লেখযোগ্য যে এইগৰাকী বিষয়াই চম্বলৰ দুর্গম স্থানত বহু কাম কৰিছিল পূৰ্বেই। আৰু চম্বলৰ পৰা ডকাইতৰাজ খতম কৰাৰ বাবে এওঁ সন্মানিতও হৈছে। ইয়াৰ পূৰ্বে তেওঁ দদুৱা নামৰ এক দুষ্কৃতিকাৰীক এনকাউন্টাৰ কৰিছিল। দদুৱা ওৰফে শিৱ কুমাৰে চম্বলত আতঙ্কৰ সাম্রাজ্য গঢ়ি তুলিছিল। সেই এলেকাত নিৰ্বাচনৰ সময়ত যিকোনো ৰাজনৈতিক দলৰ প্রার্থীকেই নিৰ্বাচন খেলিবলৈ দদুৱাক বহু টকা দিব লাগিছিল। আৰু যদি টকা দিয়া নহয়, তেতিয়াহ’লে তেওঁ আৰু নির্বাচন খেলিব পৰা নাছিল।
দদুৱাৰ মূৰৰ দাম উত্তৰ প্রদেশ আৰক্ষীয়ে পাঁচ লাখ আৰু মধ্যপ্রদেশ আৰক্ষীয়ে এক লাখ টকা ৰাখিছিল। শুনিবলৈ পোৱা মতে, দদুৱাই ২০০ৰো অধিক মানুহক হত্যা কৰিছিল। ২০০৭ত দদুৱাক নিধনৰ দায়িত্ব অমিতাভৰ কান্ধত দিয়া হৈছিল। আৰু দদুৱাক মাৰাৰ বাবে অমিতাভে চৌদিশে নিজৰ জাল পাতিছিল। আৰু একেবাৰে গোপনভাবেই অপাৰেচন দদুৱা চলোৱা হৈছিল। ২০০৭ৰ জুলাই মাহত অৱশেষত দদুৱাক এনকাউন্টাৰ কৰি খতম কৰে ইউপি আৰক্ষীয়ে।
ইয়াৰ পিছৰ পৰাই অমিতাভ যশৰ নাম শুনিলে ভয়ত কঁপে দুষ্কৃতিকাৰী। অৱস্থা এনেকুৱা হৈ গৈছিল যে, অমিতাভক য’তেই পোস্টিং কৰা হৈছিল তাৰ সকলো দুষ্কৃতিকাৰীয়ে এলেকা এৰি পলাইছিল। অমিতাভৰ পিতৃ ৰাম যশ সিংও এজন আৰক্ষী বিষয়া আছিল।












