![]()
নিউজ ডেস্কঃ
সংসাৰৰ অভাৱ-অনাটনৰ মাজত আধৰুৱা হৈয়ে থাকি গ’ল হাৰিয়ানাৰ শিক্ষাৰ স্বপ্ন। আর্থিক অস্বচ্ছলতাৰ কাৰণে ঠিকমতে কৰাই নহ’ল আৰু প্রশিক্ষণ। সংসাৰৰ সুবিধার্থে তেওঁ লাগি গ’ল মনৰেগাৰ কামত। দুর্দিনত যাতে অলপ হ’লেও সহায় হয় পৰিয়ালৰ। দেশৰ বাবে স্বর্ণপদক বিজেতা বর্তমান পেটৰ তাড়নাত মনৰেগাৰ শ্ৰমিক।

স্বর্ণ জয়ী শিক্ষা
শিক্ষা হ’ল হাৰিয়ানাৰ ৰোহটক জিলাৰ ইন্দৰগড় গাঁৱৰ বাসিন্দা। বিগত তিনি বছৰ ধৰি ক্রীড়া বিভাগৰ পৰা নগদ ধন আৰু এছচি বিভাগত প্রাপ্ত ধনৰ বাবে অপেক্ষা কৰিছে। এই শিক্ষাই এসময়ত দেশৰ বাবে ৰূপ, ব্রোঞ্জ আনকি সোণৰ পদকো আনি দিছিল। উশু খেলত ৫৬ আৰু ৬০ কিলোগ্রাম ওজন বিভাগত অংশ লৈ ৰাষ্ট্রীয় স্তৰত ৯ বাৰ স্বর্ণপদক, ৰাজ্যস্তৰত ২৪ বাৰ স্বর্ণপদক আৰু বহুবাৰ ৰূপ আৰু ব্রঞ্জৰ পদক লাভ কৰিছে।
বৰ্তমান যোগ দিছে মনৰেগাৰ কামত
দেশৰ এইগৰাকী সফলতম খেলুৱৈয়ে বর্তমান ঘৰৰ আর্থিক অস্বচ্ছলতাৰ কাৰণে প্রশিক্ষণ, পঢ়া-শুনা এৰি মনৰেগাৰ কামত যোগ দিছে। শিক্ষাই জনায়, চৰকাৰী সাহায্যৰ প্রার্থীসকলৰ তালিকাত তেওঁৰ নাম থাকিলেও, তেওঁ কোনো সুযোগ-সুবিধা পোৱা নাই। বর্তমান পৰিয়ালৰ সদস্যসকলৰ সৈতে মনৰেগাত কাম কৰি সংসাৰত অর্থ সাহায্য আগবঢ়াইছে। তেওঁৰ চৰকাৰৰ ওচৰত দাবী, তেওঁৰ খেলা-ধূলাৰ সাফল্য বিবেচনা কৰি, তেওঁক এটি চাকৰি দিয়ক।
সাহায্য লাভ কৰিব চৰকাৰৰ পৰা
দুবাৰ অল ইন্ডিয়া ইউনিভাৰ্ছিটি উশু ছেম্পিয়নশিপ এমডিইউয়ৰ নেতৃত্ব দিযছে আৰু ৰূপৰ পদক অর্জন কৰিছে শিক্ষাই। চৰকাৰী সুবিধা লাভ নকৰা সন্দৰ্ভত এমডিইউ ৰোহটকৰ স্পর্টছ ডিৰেক্টৰ ডঃ দেবেন্দ্র সিং ধুলে জনাইছে, চৰকাৰৰ তৰফৰ পৰা খেলুৱৈসকলৰ ক্ষতি হ’বলৈ দিয়া নহ’ব। শিক্ষাক শীঘ্ৰেই আর্থিক সাহায্য দিয়া হ’ব।












