![]()
নিউজ ডেক্স:
চীনৰ সৈতে চলা সীমান্ত বিবাদৰ কথা মনত ৰাখি ভাৰতীয় ৰে’লে লেহ-লাডাখ পর্যন্ত নতুন ৰে’ল লাইন নিৰ্মাণৰ প্রকল্পত গতি আনিছে। নতুন দিল্লী আৰু লাডাখক বিশ্বৰ সকলোতকৈ ওখ ৰে’ল লাইন প্রকল্পৰ সৈতে যুক্ত কৰাৰ পৰিকল্পনা আৰম্ভ হৈ গৈছে। এই লাইন ভাৰত-চীন সীমান্তেৰ কাষেদিয়ে যাব। বিলাসপুৰ-মানালি-লেহ ৰে’ল প্রকল্পৰ কাম সম্পূর্ণ হোৱাৰ পিছত দিল্লীৰ পৰা লেহৰ দূতত্ব ২০ ঘণ্টা কমি যাব। এতিয়া এই দূৰত্ব নির্ধাৰণ কৰিবলৈ ৪০ ঘণ্টা সময় লাগে।

এই ৰে’লৱে লাইন সমুদ্রপৃষ্ঠৰ পৰা ৫ হাজাৰ ৩৬০ মিটাৰ উচ্চতাত বহুওৱা হ’ব। বর্তমান চীনে তিব্বতত বহুওৱা ৰে’ল লাইনে বিশ্বৰ সকলোতকৈ উচ্চতাৰ খিতাপ অর্জন কৰিছে। এই ৰে’ল লাইন সমুদ্রপৃষ্ঠৰ পৰা ২ হাজাৰ মিটাৰ উচ্চতাত অৱস্থিত। ৪৬৫ কি:মি:ৰ এই ৰে’ল লাইন নিৰ্মাণত প্রায় ৮৩ হাজাৰ ৩৬০ কোটি টকা খৰচ হ’ব। এই প্ৰকল্পত ৭৪টা সুৰঙ্গ থাকিব।
বিলাসপুৰ-মানালি-লেহ ৰে’ল লাইনত প্রস্তাবিত খৰচ ৮৩ হাজাৰ ৩৬০ কোটি টকা। এই ৰে’ল লাইন ৪৬৫ কি:মি: দীঘল হ’ব। এই ৰে’ল প্রকল্প কিংহাই-তিব্বত ৰে’ল প্রকল্পতকৈও ডাঙৰ হ’ব। কাৰণ চীনৰ কিংহাই-তিব্বত ৰে’ল লাইন সমুদ্রপৃষ্ঠৰ পৰা ২০০০ কি:মি: উচ্চতাত অৱস্থিত আৰু এই ৰে’ল প্রকল্প সমুদ্রপৃষ্ঠৰ পৰা পাঁচ হাজাৰৰো অধিক উচ্চতাত নিৰ্মাণ হ’ব। নতুন ৰে’ল লাইনে বিলাসপুৰ, সুন্দৰনগৰ, মণ্ডি, মানালি, কিলং, কোক্সাৰ, ডাৰচা, সৰচু, পাং, দেবৰিং, উপশি আৰু খাৰূটো লেহৰ পাহাৰীয়া এলেকাত যোগাযোগ স্থাপন কৰিব। এই ৰে’ল লাইনৰ ৫১ শতাংশ ৰাস্তা সুৰঙ্গৰ ভিতৰেৰে যাব। সকলোতকৈ দীর্ঘ সুৰঙ্গ ১৩.৫ কি:মি:ৰ হ’ব আৰু মুঠ ২৩৮ কি:মি:ৰ সুৰঙ্গ নিৰ্মাণ কৰা হ’ব।
লাডাখত নিৰ্মাণ কৰিবলগীয়া বানানো এই ৰে’ল লাইনত ভাৰত-চীন সীমান্তৰ ওচৰত ৩০টা ষ্টেচন হ’ব। বিলাসপুৰ আৰু লেহকে যুক্ত কৰা এই লাইন সুন্দৰঙ্গৰ, মণ্ডি, মানালি, কিলং কোকচাৰ, দর্চা, উপশি আৰু কাৰুৰে যাব। সকলো ষ্টেচন হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰত থাকিব। এই ৰে’ল লাইন নিৰ্মাণ হ’লে সেনাৰ বহুখিনি সুবিধা হ’ব। ইয়াৰ লগে লগে সাথে লাডাখত পর্যটন বাঢ়িব আৰু এলেকাটোৰ দ্রুত উন্নয়ন হ’ব। কেন্দ্র চৰকাৰে যদি এই এই প্ৰকল্পক ৰাষ্ট্রীয় প্রকল্পৰ স্বীকৃতি দিয়ে, তেনেহ’লে ইয়াৰ সৰহভাগ পুঁজি কেন্দ্রয়েই দিব লাগিব। আৰু এই কাম যিমান সম্ভৱ সোনকালে কৰাৰ পৰিকল্পনা লোৱা হৈছে।












