![]()
নিউজ ডেক্স:
নিজৰ ক্ষমতা দেখুৱাই দিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে৷ ইয়াৰ লগতে এটা কথা নিশ্চিত কৰিলে যে ১০জনৰ বেছি বিধায়ক নাই শচীন পাইলট শিবিৰত৷ উল্লেখ্য যে ৰাজস্থানৰ শচীন পাইলট শিবিৰে দাবী কৰিছিল যে তেওঁৰ সৈতে ৩০ জন বিধায়ক আছে৷
কিন্তু সোমবাৰে পুৱা নিজৰ ক্ষমতা দেখুৱাই দিলে মুখ্যমন্ত্ৰী অশোক গেহলটে৷ উল্লেখ্য যে ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ১০৭ জন৷ সোমবাৰে গেহলটৰ বাসভৱনত দলৰ জৰুৰী বৈঠকত উপস্থিত হয় কংগ্ৰেছৰ ৯৭ জন বিধায়ক৷ গেহলট শিবিৰে আগতেই দাবী কৰি আহিছিল যে ৰাজস্থানত কংগ্ৰেছ অটুট আছে৷ কোনো ফাট মেলা নাই৷
ফলত শচীন পাইলট শিবিৰত ১০জনৰ বেছি বিধায়ক নাই৷ নিৰ্দলীয় আৰু অন্যান্য দলৰ বিধায়ক মিলি গেহলটৰ দুৰ্গ এতিয়াও অটুট আছে৷ এহাতে দলৰ ভাঙোন ৰোধ কৰিবলৈ দলৰ দোৱাৰ খোলা ৰাখিছে কংগ্ৰেছে৷ এই কথা দলৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই জনাইছে৷ আনহাতে কংগ্ৰেছৰ একাংশই কৈছিল শচীনে বিজেপিত যোগ দিব৷
কংগ্ৰেছ নেতা আৰু এআইচিচিৰ সদস্য কে এল পুনিয়াই এই কথা শেষ পৰ্যন্ত প্ৰত্যাহাৰ কৰিছে৷ কংগ্ৰেছ সূত্ৰই চিন্তা কৰিছিল বৰ্খাস্ত কৰা হ’ব পাৰে শচীনক৷ তেতিয়া স্বয়ং শচীন পাইলটে জনাইছিল যে তেওঁৰ বিজেপিত যোগ দিয়াৰ কোনো পৰিকল্পনা নাই৷ দলৰ সমস্যা লৈ দেওবাৰে দিল্লী গৈছিল শচীন পাইলট৷ কিন্তু তেওঁৰ সৈতে ৰাহুল বা ছোনীয়া কোনোৱে দেখা কৰা নাছিল৷












