![]()
নিউজ ডেস্ক:
কথাতে কয় বোলে, ৰাখে হৰি মাৰে কোনে! নহ’লেনো মাকৰ গর্ভৰ পৰা ছিটিকি পৰিও মৃত্যুৰ সৈতে এঘৰী যুঁজিব পাৰেনে মাত্র নমাহৰ এটি ভ্রূণ! সোমবাৰে পুৱাতে এক মর্মান্তিক দুর্ঘটনাৰ সাক্ষী হৈ ৰ’ল পশ্চিমবঙ্গৰ পূব বর্ধমান জিলাৰ কেতুগ্রাম থানাৰ বন্দৰ গাঁৱৰ বাসিন্দাসকল। ডাক্তৰৰ ওচৰলৈ যোৱাৰ পথত নিয়ন্ত্রণ হেৰুৱাই বাইকেৰে ৰাস্তাত পৰি যায় স্বামী-স্ত্রী।
লগে লগে ট্ৰাকৰ চকাত পিষ্ট হয় অন্তঃসত্ত্বা মহিলাগৰাকী। গর্ভৰ পৰা ছিটিকি পড়ে ভ্রূণটো। ঘটনাস্থলীতেই মহিলাগৰাকীৰ মৃত্যু হ’লেও আশ্চর্যজনকভাবে বাচি যায় কেঁচুৱাটি।
কেতুগ্রামৰ আমগড়িয়া গাঁৱৰ বাসিন্দা মৃদুল শেখে আজি বাইকত উঠাই পত্নী ছাবিৰা বেগমক কাটোৱা চহৰলৈ ডাক্তৰী চেকআপৰ বাবে লৈ গৈছিল। তেতিয়াই বন্দৰ বাছষ্টেন্ডৰ ওচৰতে দুর্ঘটনাটি ঘটে। মৃদুলৰ দাবী, এখন ট্ৰাকে তেওঁৰ গাত ঘঁহাই যায়। সেই সময়ত ট্ৰাকৰ সৈতে বাইকৰ খুন্দা লাগে।
নিয়ন্ত্রণ ৰাখিব নোৱাৰি বাইকসহ বাগৰি পৰে দুয়োজনেই। মৃদুল ৰক্ষা পৰিলেও তেওঁৰ পত্নীৰ বুকুৰ ওপৰেদি ট্ৰাকৰ চকা পাৰ হৈ যায়। ঘটনাৰ প্রত্যক্ষদর্শীসকলে জনায়, ট্ৰাকৰ চকাৰ হেঁচাত ছাবিৰাৰ গর্ভস্থ সন্তান ছিটিকি বাহিৰ ওলাই আহে। গর্ভস্থলীসহ ৰাস্তাত ৰক্তপিণ্ড অৱস্থাত ছিটিকি পৰে ৰাস্তাৰ ওপৰত। ছাবিৰাৰ প্রায় লগে লগে সঙ্গে মৃত্যু হ’লেও বহু সময় বাচি আছিল তেওঁৰ সন্তান।
ঘটনাস্থলীত উপস্থিতসকলে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ভ্রূণটি উদ্ধাৰ কৰি হস্পিটেললৈ পঠায়। চিকিৎসকে ছাবিৰাক মৃত ঘোষণা কৰে। ইফালে ভ্রূণটিৰ অৱস্থা সংকটজনক আছিল। প্রায় চাৰি ঘণ্টা পিছত তাৰো মৃত্যু হয়। এই মর্মান্তিক দুর্ঘটনাত এলেকাটোত শোকৰ ছায়া নামি আহে।












