![]()
নিউজ ডেস্ক:
নোভেল ক’ৰোনাৰ প্রকোপৰ পৰা ৰক্ষা পাবলৈ দিয়া লকডাউনে দেশৰ অর্থনীতিত পেলাইছে ক্ষতিকৰ প্রভাৱ। তেনে এক পৰিস্থিতিতে ভাৰতত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে গুগলে। ‘ডিজিটেল ইণ্ডিয়া’ৰ সপোন পূৰণৰ বাবেই এই বিনিয়োগ কৰা হ’ব বুলি জনাইছে গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে।
আজি এক ভিডিঅ’ কণফাৰেন্সত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে বৈঠকত মিলিত হয় সুন্দৰ পিচাই। তাৰ পিছতে কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী ৰবিশঙ্কৰ প্রসাদৰ সৈতে ষষ্ঠ সংখ্যক ‘গুগল ফৰ ইণ্ডিয়া’ অনুষ্ঠানত ডিজিটেল ভাৰত সম্পৰ্কত আলোচনা কৰে। আৰু এই আলোচনাতেই ভাৰতত বিনিয়োগৰ কথা জনায়।
গুগলে জনোৱা মতে, আগন্তুক পাঁচৰ পৰা সাত বছৰৰ ভিতৰত বিভিন্ন কোম্পানীৰ সহযোগত তেওঁলোকে এই বিনিয়োগ কৰিব। যাৰ ফলত ডিজিটেল ইণ্ডিয়াৰ গতি দ্ৰুত কৰি তোলা সম্ভৱ হ’ব। আনহাতে, ভাৰতৰ ডিজিটেল অর্থনীতিৰ ওপৰত আস্থা থকাৰ বাবেই গুগলে ইমান ডাঙৰ পদক্ষেপ লোৱা বুলিও জনায় গুগল প্ৰধানে।
উল্লেখযোগ্য যে ভাৰতৰ ডিজিটেল ৰূপান্তৰকৰণত চাৰিটা ক্ষেত্রক বিশেষ গুৰুত্ব দিছে গুগলে। প্রথম, কম খৰচত প্রত্যেকজন ভাৰতীয়ৰ হাতত তথ্যভাণ্ডাৰ তুলি দিয়া। দ্বিতীয়, দেশবাসীৰ চাহিদা অনুযায়ী তেওঁলোকৰ ওচৰত প্রয়োজনীয় পণ্য আৰু সেৱা উপনীত কৰোৱা। তৃতীয়, সৰু-ডাঙৰ ব্যৱসায়সমূহক আগুৱাই যোৱাত সহায় কৰা। চতুর্থটি, স্বাস্থ্য, শিক্ষা আৰু কৃষিক্ষেত্রত কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত প্রযুক্তিক অধিক সহজলভ্য কৰা।












