![]()
নিউজ ডেস্ক:
সোমবাৰে দিনৰ শেষত অনুমান হৈছিল, এইবৰ বৰফ গলিব। প্রিয়াঙ্কা গান্ধীয়ে বুজাই পাইলটক দললৈ ওভতাৰ বাবে জন্য ৰাজী কৰাব! কিন্তু নিশা পুনৰ সমস্যা ঘোৰতৰ হয়। গেহলটৰ ওলোটা শক্তি প্রদর্শন কৰিলে শচীন পাইলটেও। তাৰ লগতে বুজাই দিলে, তেওঁ আৰু সহজে ‘ঘৰ’লৈ উভতাৰ পাত্র নহয়।
কংগ্রেছ সূত্রৰ দাবী, প্রিয়াঙ্কা গান্ধীৰ পিছত খোদ ৰাহুল গান্ধীয়ে পাইলটৰ সৈতে কথা পাতি তেওঁক বুজোৱাৰ চেষ্টা কৰিছে। কিন্তু তাতো নিজৰ অৱস্থানত অটল ৰাজস্থানৰ উপ-মুখ্যমন্ত্রী। আনকি, ৰাহুলৰ সৈতে সোঁশৰীৰে দেখা কৰা পর্যন্ত অস্বীকাৰ কৰে তেওঁ।

উল্লেখ্য, সোমবাৰে দুপৰীয়া মুখ্যমন্ত্রী অশোক গেহলটে কংগ্রেছ বিধায়িনী দলৰ এক বৈঠক আহ্বান কৰে। কংগ্রেছ সূত্ৰে দাবী কৰা হয় এই বৈঠকত মুঠ ১০৭ জন বিধায়ক উপস্থিত আছিল। অৱশ্যে বিভিন্ন সর্বভাৰতীয় সংবাদ মাধ্যমৰ দাবী, গেহলটৰ বৈঠকত খুব বেছি ১০২ জন বিধায়ক উপস্থিত থাকে।
সংবাদ মাধ্যমৰ সন্মুখত শক্তি প্রদর্শনৰ পিছত এই বিধায়কসকলক জয়পুৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ এখন হোটেললৈ লৈ যোৱা হয়। মঙ্গলবাৰে পুনৰ সেই হোটেলতেই বিধায়িনী দলৰ বৈঠক আহ্বান জনাইছে কংগ্রেছে। দলৰ অন্যতম মুখপাত্র ৰণদীপ সুৰজেৱালাই একাধিকবাৰ প্রকাশ্যে সংবাদ মাধ্যমত পাইলটক অনুৰোধ কৰিছে, মঙ্গলবাৰৰ বৈঠকত যোগ দিবলৈ আৰু নিজৰ দাবী-আপত্তি লৈ খোলামনে আলোচনা কৰিবলৈ।
কিন্তু শচীন পাইলটৰ ঘনিষ্ঠসকলে কয়, মঙ্গলবাৰৰ বৈঠকতো যোগ নিদিয়ে তেওঁ। পাইলটৰ এজন ঘনিষ্ঠই আজি আৰু এবাৰ দাবী কৰিছে, মুখ্যমন্ত্রী গেহলটৰ ওচৰত চৰকাৰ বচাব পৰাকৈ বিধায়কৰ সমর্থন নাই। বিধানসভাত আস্থাভোট হ’লেই সেইটো প্রমাণিত হৈ যাব।
ইয়াৰ মাজতে গুৰুগ্রামৰ মানেসৰ হোটেলত থকা পাইলট অনুগামী বিধায়কসকলৰ এটি ভিডিও প্রকাশ কৰা হয় তেওঁৰ বিভাগৰ পৰা। য’ত প্ৰায় ১৫ জন বিধায়কক একেলগে বহি থকা দেখা গৈছে। পাইলট অনুগামী একাধিক বিধায়কে সেই ভিডিওত টুইটো কৰিছে। ইয়াৰ মাজতে চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰৰ ইঙ্গিত দিছে কংগ্রেছৰ জোটসঙ্গী ভাৰতীয় ট্রাইবেল পার্টিয়ে।












