![]()
বিশেষ প্ৰতিবেদন:
ভাৰত বিশ্বৰ সকলোতকৈ উর্বৰ আৰু প্রতিভাশালী দেশ। সেই কাৰণে যুগ যুগ ধৰি ভাৰতৰ ওপৰত বিদেশী শক্তিৰ নজৰ আছে। সেই কাৰণে সময়ে সময়ে ভাৰত মাতৃৰ মহান সুপুত্রসকলে বলিদান দি দেশক ৰক্ষা কৰে। বহু বলিদানক আমি জানিব পাৰো, চিনি পাওঁ। কিন্তু এনেকুৱা বহু আছে যিসকলৰ পৰিচয় আমি কেতিয়াও জানিব নাপাওঁ। এনে বহু আছে, যিয়ে দেশৰ বাবে নীৰবে নিজক উৎসর্গ কৰি দিয়ে।
তেনে দুই মহান ব্যক্তিৰ সম্পর্কে ইয়াত উল্লেখ কৰিব বিচৰা হৈছে, যিয়ে দেশৰ বাহিৰত থাকি দেশৰ বিৰুদ্ধে চলা ষড়যন্ত্রসমূহক বিফল কৰিছিল। এই দুজনৰ ভিতৰত এজনে এতিয়া ভাৰতত থাকি সেৱা আগবঢ়াই আছে আৰু আনজন দেশলৈ ঘূৰি আহিব নোৱাৰিলে।
১) ৰবীন্দ্র কৌশিক : এইগৰাকী মহান দেশভক্তই ৰাজস্থানৰ শ্রীগঙ্গানগৰত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতা এয়াৰ ফৰ্চত আছিল আৰু তেওঁ অভিনয় কৰিবলৈ খুব ভালপাইছিল। এবাৰ RAWৰ চীফে তেওঁৰ প্ৰদৰ্শন দেখাৰ পিছত তেওঁক পাকিস্তানত চোৰাংচোৱা হৈ যোৱাৰ প্রস্তাৱ দিছিল। ৰবীন্দ্র কৌশিকে প্রস্তাব শুনা মাত্রকে সন্মতি দিয়ে, কাৰণ দেশসেৱাতকৈ পুণ্যৰ কাম আন একো হ’ব নোৱাৰে। দেশত ২ বছৰ প্ৰশিক্ষণৰ পিছত, পাকিস্তানত গৈ তাত চোৰাংচোৱাগিৰি কৰাৰ বাবে পাক আর্মিত যোগদান কৰে।
পাকিস্তানত এজনী ছোৱালীক বিয়াও কৰাই ৰবীন্দ্র কৌশিকে। সাহসৰ বাবে তেওঁ মানুহৰ ওচৰত ব্লেক টাইগাৰ নামে প্রসিদ্ধ আছিল। ভাৰতলৈ বিভিন্ন বিষয়ত তথ্য প্রেৰণ কৰি সেৱা প্রদান কৰিছিল ৰবীন্দ্র কৌশিকে। কিন্তু এবাৰ অন্য এক চোৰাংচোৱা ধৰা পৰাৰ পিছত সেই ৰবীন্দ্র কৌশিকৰ নাম প্রকাশ কৰি দিয়ে। সেই সময়ৰ চৰকাৰে তেওঁক কোনো সহায়ও কৰা নাছিল। যাৰ বাবে পাকিস্তানৰ জেলৰ ভিতৰতে এক দেশভক্তই ২০০১ চনত নিজৰ বলিদান দিয়ে। কিন্তু দুখৰ বিষয় এই যে ভাৰত চৰকাৰে ৰবীন্দ্র কৌশিকৰ মৃতদেহ ল’বলৈও অস্বীকাৰ কৰিছিল।
২) অজিত কুমাৰ দোভাল : ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, চৰকাৰৰ এটি গুৰুত্বপূর্ণ পদ। এতিয়াও পাকিস্তান অজিত দোভালৰ নাম শুনিলে ভয়ত কঁপি উঠে। দোভাল ৭ বছৰ পাকিস্তানত চোৰাংচোৱা হিচাবে নিযুক্ত আছিল। তাত তেওঁ মুছলিম সাজত আছিল আৰু ভাৰতৰ বিৰুদ্ধে চলা ষড়যন্ত্রসমূহক বিফল কৰিছিল। এবাৰতো এক পাকিস্তানীয়ে বুজি পাইছিল যে অজিত দোভাল হিন্দু।
কিন্তু সেই সময়ত তেওঁ নিজৰ বুদ্ধিমত্তাৰ বাবে পৰিস্থিতি নিজৰ নিয়ন্ত্রণত কৰি পেলাইছিল। ভাৰতৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষাৰ বাবে চৰকাৰে বহু অপাৰেচন চলাবলগা হৈছে। ইয়াৰ বহুক্ষেত্রতেই অজিত দোভালৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। সম্প্রতি সীমা বিতর্কত চীনক শিক্ষা দিয়াৰ ক্ষেত্রতো অজিত দোভালৰ ডাঙৰ ভূমিকা আছে।












