![]()
নিউজ ডেক্স:
বিশ্বজুৰি ক’ৰোনা বিপৰ্যয়ৰ ফলত শিশুৰ স্বাস্থ্য লৈ উদ্বেগ প্ৰকাশ কৰি চাঞ্চল্যকৰ তথ্য উলিয়াই দিছিল ইউনিছেফে৷ কিছুদিনৰ আগতে ‘লান্সট গ্ল’বেল হেল্থ’ত প্ৰকাশিত প্ৰতিবেদনত ইউনিছেফৰ পৰা উদ্বেগ প্ৰকাশ কৰি জনোৱা হয় যে আগন্তুক ৬ মাহত বিশ্বৰ ১১৮ খন দেশত পাঁচ বছৰৰ কম বয়সৰ প্ৰায় ২.৫ মিলিয়ন (২৫ লাখ) শিশুৰ মৃত্যু হ’ব পাৰে৷


ইউনিছেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিটা ফোৰে জনায় যে এইবাৰহে প্ৰথম সমগ্ৰ বিশ্বত ইমান শিশুৰ মৃত্যুৰ আশংকা কৰা হৈছে৷ শিশুৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশৰ পাছত এইবাৰ শিশু শিক্ষালৈ চাঞ্চল্যকৰ তথ্য দিছে এক সমীক্ষাত৷ সম্প্ৰতি ‘দ্য ব্ৰিটিছ চাৰিটি’য়ে কৰা সমীক্ষাত দাবী কৰা হৈছে যে ক’ৰোনা বিপৰ্যয়ৰ ফলতো বিশ্বজুৰি প্ৰায় এক কোটি শিশু হয়তো কোনো দিনেই বিদ্যালয়লৈ যাব নোৱাৰে৷
পৰিয়ালৰ আৰ্থিক সংকট, আকস্মিক দাৰিদ্ৰতাৰ ফলত শিশু বিদ্যালয় যোৱা বন্ধ হ’ব পাৰে৷ এই সমীক্ষাত জনোৱা হৈছে যে এপ্ৰিলৰ পৰা ক’ৰোনা আতংকৰ বাবে বিশ্বজুৰি ১৬০ কোটি পঢ়ুৱৈ (বিশ্বৰ প্ৰায় ৯০ শতাংশ) পঢ়াশুনা মাজ পথতে বন্ধ হৈ গৈছে বা শিক্ষা অৰ্জনৰ ক্ষেত্ৰত তেওঁলোক চূড়ান্ত সমস্যাৰ সন্মুখীন হ’ব৷ আৰ্থিক অনাটনৰ বাবে বহু শিক্ষার্থীৰ উচ্চ শিক্ষা গ্ৰহণত মাজ পথতে এৰিব লগা হ’ব পাৰে৷
সমীক্ষাত কৰা দাবী মতে, ২০২১ চনত বিশ্বৰ নিন্ম আৰু মধ্য আয়ৰ দেশবোৰত সামগ্ৰীভাৱে শিক্ষাৰ দিশত প্ৰায় ৫ লাখ ৮১ হাজাৰ কোটি টকা ঘাটি হোৱা দেখা যাব পাৰে, যিটো সচৰাচৰতে শিশু শিক্ষাৰ ওপৰত প্ৰভাৱ পৰিব৷
এই সমীক্ষাত আশংকা প্ৰকাশ কৰি কোৱা হয় যে ক’ৰোনা বিপৰ্যয়ত অৰ্থনৈতিক বিপৰ্যয়ৰ মুখত পৰিব বহু দেশ৷ ফলত বহু ছাত্ৰছাত্ৰীয়ে পৰিয়ালৰ আকস্মিক আৰ্থিক সংকটৰ বাবে পঢ়াশুনা এৰি উপাৰ্জনৰ চেষ্টা আৰম্ভ কৰিব৷
এনে পৰিয়ালবোৰত কম বয়সতে ছোৱালীবোৰক বিয়া দিয়াৰ প্ৰৱনতা বাঢ়িব৷ ক’ৰোনা মহামাৰীৰ ফলত বিশ্বজুৰি শিক্ষা আৰু আর্থসামাজিক ক্ষেত্ৰত বহুল পৰিৱৰ্তন হ’ব৷












