![]()
নিউজ ডেস্ক:
তুমুল বিতর্ক সৃষ্টি কৰিছিল নেপালৰ প্রধানমন্ত্রী কে পি শর্মা অলিয়ে। ৰাম ভাৰতীয় নহয়, নেপালৰ প্রধানমন্ত্রীৰ এই মন্তব্যত অত্যন্ত ক্ষুব্ধ অযোধ্যাৰ পুৰোহিতসকল। অলিৰ মন্তব্যক ভিত্তিহীন বুলি দাবী কৰি পুৰোহিত সম্প্রদায়ে অলিক প্ৰত্যাহ্বান জনাইছে। পুৰোহিত সমাজৰ দাবী, নিজৰ বক্তব্যৰ সপক্ষে প্রমাণ দিয়ক। উল্লেখযোগ্য যে নেপালৰ প্রধানমন্ত্রীয়ে কৈছিল ভগৱান ৰাম প্ৰকৃততে ভাৰতীয় নহয়, আৰু অযোধ্যাও আচলতে ভাৰতৰ নহয়।
সোমবাৰে, ভানু জয়ন্তী উপলক্ষে প্রধানমন্ত্রী অলিৰ নিজৰ বাসভৱনত এক অনুষ্ঠান আয়োজিত হয়। তাত বক্তব্য ৰাখিবলৈ গৈ তেওঁ কয়, ভাৰতত যি অযোধ্যাক ৰামৰ জন্মভূমি হিচাবে উল্লেখ কৰা হয়, সেই তথ্য সঠিক নহয়। তেওঁৰ দাবী, নেপালৰ বীৰগঞ্জৰ থোৰিত প্ৰকৃত অযোধ্যা অৱস্থিত।
তেওঁ কয়, ‘ভাৰতে ভাৰতৰ এটা স্থানক অযোধ্যা বুলি উল্লেখ কৰে।’ অর্থাৎ অলিৰ মতে, অযোধ্যাক লৈ বিতর্ক আছেই। প্ৰকৃততে অযোধ্যা বুলি যাক উল্লেখ কৰা হয়, সেয়া আচলতে অযোধ্যা নহয়। অলিয়ে আজি স্পষ্টভাবে কয়, ‘বীৰগঞ্জৰ পশ্চিমে থোৰিত অৱস্থিত অযোধ্যা। নেপালতেই অৱস্থিত বাল্মিকী আশ্রম আৰু নেপালৰ ৰিদিতে দশৰথে পুত্র সন্তান লাভৰ বাবে যজ্ঞ কৰিছিল।’
তেওঁ লগতে কয়, ‘দশৰথৰ পুত্ৰ ৰাম ভাৰতীয় নাছিল আৰু অযোধ্যাও নেপালত।’ অলিৰ এই বক্তব্যতেই ক্ষোভ উঠিছে অযোধ্যাৰ পুৰোহিতসকলৰ। তেওঁলোকে কয় আৰু কিছুদিনৰ ভিতৰতেই গাদীচ্যুত হ’ব অলি। সেয়ে এইবোৰ অপ্রাসঙ্গিক আৰু ভিত্তিহীন কথা কৈ আছে তেওঁ।
ৰামমন্দিৰ ট্রাষ্টৰ সদস্য মহন্ত দীনেন্দ্র দাসে কয়, ভগৱান ৰামে ভাৰততেই জন্ম লৈছিল। সৰযূ নদীৰ তীৰত তেওঁৰ ৰাজত্ব আছিল। অযোধ্যা তেওঁৰ ৰাজধানী, তেওঁৰ জন্মস্থান। কিন্তু সীতা দেৱী নেপালৰ বাসিন্দা আছিল। কিন্তু ৰাম ভাৰতৰ মানুহ। কোনো কাৰণতেই নেপালি নহয়।
ৰাম দল ট্রাষ্টৰ প্রধান কল্কি ৰাম দাস মহাৰাজে জনায়, নেপালৰ প্রধানমন্ত্রী পাকিস্তান আৰু চীনৰ দালাল। সেয়ে এই ধৰণৰ মন্তব্য কৰিছে। যি স্থানৰ উত্তৰে সৰযূ নদী বয়, সেয়াই হ’ল অযোধ্যা। নেপালৰ ক’তো সৰযূ নদী নাই বুলিও মন্তব্য কৰে ৰাম দাসে। আন এজন পুৰোহিত পৰমহংস আচার্যৰ দাবী, নেপালৰ ইতিহাস সেই দেশৰ প্রধানমন্ত্রীয়ে নিজেই নাজানে। নেপালক প্রতাৰণা কৰিছে অলিয়ে।












