![]()
নিউজ ডেক্স:
ৰাজস্থানৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে৷ ৰাজস্থান বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটসহ তেওঁৰ অনুগামী ১৮ জন বিধায়ক৷ বৃহস্পতিবাৰে বিয়লি ৩ বজাত সেই গোচৰৰ শুনানি আৰম্ভ হয়৷
উল্লেখ্য যে সোমবাৰে কংগ্ৰেছৰ বিধায়িনী দলৰ সভাত উপস্থিত নথকাৰ বাবে শচীন পাইলট, বিধায়ক পৃথ্বীৰাজ মানীসহ ১৮ বিধায়কৰ বিৰুদ্ধে বিধানসভাৰ সদস্যপদ খাৰিজ কৰাৰ জাননী জাৰি কৰিছিল অধ্যক্ষ পি চি যোশীয়ে৷ অধ্যক্ষৰ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনায় বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শচীন পাইলট আৰু তেওঁৰ অনুগামী বিধায়ক৷
বৃহস্পতিবাৰে দিনৰ ৩ বজাত ন্যায়াধীশ সতীশ চন্দ্র শর্মাৰ বিচাৰপীঠত এই শুনানি আৰম্ভ হয়৷ ৰাজস্থান বিধানসভাৰ অধ্যক্ষৰ জাননীৰ বৈধতাৰ প্ৰত্যাহ্বান জনাই তৰা গোচৰটোৰ শুনানি আৰম্ভ হোৱাৰ কেইটামান মিনিটৰ পাছতে স্থগিত ৰাখে৷ শুকুৰবাৰে পুনৰ শুনানি হ’ব বুলি আদালতে জনাইছে৷












