![]()
নিউজ ডেক্স:
উত্তৰ গোলাৰ্দ্ধৰ শীতলতম স্থান হিচাপে ছাইবেৰিয়াৰ ভাৰখৱানস্কে সুপৰিচিত৷ চলিত বছৰৰ জুন মাহত এই শীতলতম ঠাইত তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলচিয়াচ৷ এনে তাপমাত্ৰাৰ বাবে উত্তৰ মেৰুত বৰফ তীব্ৰ গতিত গলিছে৷
ইউৰোপৰ পৰিৱেশ আৰু বতৰ বিজ্ঞানীয়ে জনোৱা মতে জানুৱাৰীৰ পৰা জুন-এই ছমাহত ছাইবেৰিয়াত গড় তাপমাত্ৰা আছিল স্বাভাৱিকতকৈ ৫ ডিগ্ৰী বেছি৷ তাপমাত্ৰা বৃদ্ধিৰ ফলত ১১ লাখ হেক্টৰ বনভূমিত জুইয়ে আগুৰি ধৰিছে৷ মানুহৰ বাবে সৃষ্টি হোৱা প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবেই এনেদৰে বনজুইৰ সৃষ্টি হৈছে বুলি দাবী কৰিছে৷
ছাইবেৰিয়াৰ এই অঞ্চলত ৮০ হাজাৰ বছৰৰ পাছত এবাৰ এনেদৰে তাপমাত্ৰা বৃদ্ধি পাই বুলি ৰাছিয়াৰ পি পি ছিৰচভ ইনষ্টিটিউট অব ওচন’ল’জী, ৰাছিয়ান একাডেমী অব ছায়েন্স আৰু ইউৰোপৰ বিভিন্ন বিজ্ঞায়ে এক যৌথ ৰিপৰ্টত প্ৰকাশ কৰে৷ কিন্তু বৰ্তমান পৰিস্থিতিত সেয়া ১৩০ বছৰ পৰ্যায়লৈ নামি আহিছে আৰু গ্ৰীণ হাউচৰ৷দৰে বিষাক্ত গেছ নিৰ্গমন নকমালে অতি কম সময়ৰ ভিতৰত এনে পৰিস্থিতিৰ সৃষ্টি হয়৷












