![]()
নিউজ ডেক্স:
ৰাজস্থান চৰকাৰ পতন ঘটোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে৷ গেৰুৱা শিবিৰৰ ফালে অভিযোগৰ আঙুলি তুলিলে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু বিদ্ৰোহী কংগ্ৰেছ বিধায়ক ভাওৱাৰলাল শৰ্মাৰ বিৰুদ্ধে৷ অভিযোগ মতে বিদ্ৰোহী বিধায়কৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীয়ে টকাৰ লেনডেন কৰি ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰখন পতন ঘটিব বিচাৰিছিল৷
ইতিমধ্যে কংগ্ৰেছৰ দুই বিদ্ৰোহী বিধায়ক ভাওৱাৰলাল শৰ্মা আৰু ৱিশ্বেন্দ্ৰ সিঙক দলৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ এটা ভিডিঅ’ ক্লিপৰ পৰাবিদ্ৰোহী বিধায়কৰ সৈতে বিজেপিৰ লেনডেনৰ দাবী কৰিছে কংগ্ৰেছে৷ অৱশ্যে এই কথা অস্বীকাৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীজনে৷ সকলো ধৰণৰ তদন্তৰ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে জনাইছে৷
কংগ্ৰেছ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই শুকুৰবাৰে দাবী কৰে, দুটা অ’ডিয় বাৰ্তাত স্পষ্ট প্ৰমাণ পোৱা গৈছে যে ৰাজস্থানৰ এক শীৰ্ষ বিজেপি নেতা আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীৰ সৈতে চৰকাৰ পতন ঘটাবৰ বাবে কাষ চাপিছে দুই দলীয় বিধায়ক৷ ইয়াৰ ভিত্তিতে দুই দলীয় বিধায়কক নিলম্বন কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ নামত এফ আই আৰ দিয়া হৈছে৷ এক সংবাদ মেলত কংগ্ৰেছে এই কথা প্ৰকাশ কৰিছে৷












