![]()
নিউজ ডেস্ক:
এগৰাকী মহিলা আৰু তেওঁৰ জীয়াৰীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত গাত জুই লগাই আত্মজাহৰ চেষ্টা কৰে। তেওঁলোকৰ অভিযোগ, আমেথিৰ এক বিবদমান ভূমিৰ ক্ষেত্ৰত আৰক্ষীয়ে নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে।
যাৰ বাবে মাক-জীয়েক দুয়োৱে আত্মজাহৰ সিদ্ধান্ত লয়। অৱশ্যে আৰক্ষীৰ তৎপৰতাত অগ্নিদগ্ধ অৱস্থাত দুয়োকে উদ্ধাৰ কৰি নিকটৱৰ্তী হস্পিটেললৈ প্ৰেৰণ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, দুয়োৰে অৱস্থা সংকটজনক।
জানিব পৰা মতে ৰাজ্যখনৰ আটাইতকৈ সুৰক্ষা বেষ্টনীৰে আবৃত ৰাজ্যৰ ৰাজধানী চহৰখনৰ বিধানসভা ভৱন লোক ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখতে শুকুৰবাৰে বিয়লি প্ৰায় ৫.৪০মান বজাত এই ঘটনাটো সংঘটিত হয়।
আত্মজাহৰ এই ঘটনাটোৰ এটা ভিডিও ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, সমগ্ৰ ঘটনাটোক প্ৰশাসনে গুৰুত্ব সহকাৰে লৈছে আৰু এক উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।












