![]()
নিউজ ডেস্ক:
এইবাৰ দুটি সস্তা প্রিপেড প্লেন বন্ধ কৰিলে জিঅ’ই। ৪৯ টকা আৰু ৬৯ টকাৰ প্লেন দুটা বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে এই দুটি প্রিপেড প্লেন জিঅ’ ফোন ব্যৱহাৰকাৰীৰ বাবে আছিল। কোম্পানীটোৱে এই প্লেন দুটি চলিত বছৰৰ ফেব্রুৱাৰীত প্রকাশ কৰিছিল। কিন্তু মাত্র ছয় মাহৰ ভিতৰতে ইয়াক বন্ধ কৰি দিয়া হৈছে।
জিঅ’ ফোনৰ ৪৯ টকাৰ প্লেনত জিঅ’ নেটৱর্কত ১৪ দিনৰ ম্যাদ আৰু আনলিমিটেড কলিংসহ 2GB ডাটা পোৱা গৈছিল। ইয়াৰ উপৰি জিঅ’ ফোনত ৬৯ টকাৰ প্লেনত ১৪ দিনৰ ম্যাদসহ 7GB ডাটা দিছিল কোম্পানীটোৱে।জিঅ’ ফোনৰ এতিয়া সকলোতকৈ সস্তা প্লেন ৭৫ টকাৰ। এই প্লেনত 3GB ডাটাসহ প্রতিদিনে 500MB ডাটা পাব। প্লেনৰ বৈধতা ২৮ দিনৰ।












