![]()
নিউজ ডেস্ক:
ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি অমিতাভ বচ্চনে তেওঁৰ অনুৰাগীসকলক ধন্যবাদ জনাইছে তেওঁলোকৰ মৰম, ভালপোৱা আৰু সমৰ্থনৰ বাবে। উল্লেখযোগ্য যে অমিতাভ বচ্চন, তেওঁৰ পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্য বচ্চন কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। মেগাষ্টাৰজনে তেওঁৰ পৰিয়ালৰ এই তিনিজন সদস্যৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছে, “আমি আপোনালোকৰ ভালপোৱা দেখিছোঁ… প্ৰাৰ্থনা শুনিছোঁ… আমি প্ৰণাম জনাইছোঁ… ধন্যবাদ আৰু কৃতজ্ঞতাৰে।”
উল্লেখযোগ্য যে যোৱা ১১ জুলাইত কোভিড পজিটিভ পোৱাত অমিতাভ আৰু অভিষেকক মুম্বাইৰ নানাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হয়। আনহাতে, তাৰ পিছদিনাই ঐশ্বৰ্য আৰু আৰাধ্যৰ কোভিড পজিটিভ আহে। কিন্তু কোনো উপসৰ্গ নেদেখুওৱাৰ বাবে মাক-জীয়েক দুয়োকে ঘৰতে আইছ’লেচনত ৰখা হয়।
কিন্তু ইয়াৰ ৫ দিন পিছত অৰ্থাৎ ১৭ জুলাইত ঐশ্বৰ্য আৰু আৰাধ্যক কোভিড চিকিৎসাৰ বাবে নানাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁলোক সুস্থ বুলি জানিব পৰা গৈছে।












