![]()
নিউজ ডেক্স:
এছিয়ান গেমছত সোণৰ পদক জয়ী এথলেট স্বপ্না বৰ্মনৰ জলপাইগুৰীৰ ঘৰত কাঠ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই কাঠ উদ্ধাৰ অভিযানত শাস্তিৰ সন্মুখীন হৈছে বেলাকোবাৰ ৰেঞ্জাৰ সঞ্জয় দত্ত৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত ৰেঞ্জাৰজনক বদলি কৰা হৈছে৷
এই ঘটনাত পশ্চিম বংগবাসীক কিছু চমক দি মুখ্যমন্ত্ৰীৰ ভূমিকাক প্ৰশংসাৰে উপচাই দিছে স্বয়ং গেৰুৱা শিবিৰে৷ ইপিনে, বিজেপিৰ এই সমৰ্থন ব্যতিক্ৰমী ঘটনা নহয় বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে৷ উল্লেখ্য যে শনিবাৰে পশ্চিম বংগ বিজেপিৰ অন্যতম উপ সভাপতি তথা জলপাইগুড়ি জিলা বিজেপিৰ প্ৰাক্তন সভাপতি দীপেন প্ৰামাণিকে জনায় যে স্বপ্না বৰ্মন সমাজৰ কন্যা, ৰাজ্যখনৰ গৌৰৱ৷ তেওঁৰ ঘৰতে এনেদৰে বন বিভাগে কাম কৰা মুঠেই কাম্য নহয়৷
সোণ জয়ী কন্যাগৰকীক ইচ্ছাকৃতভাৱে কলংকিত কৰাৰ চেষ্টা কৰা হৈছে বুলি বিজেপিৰ উপ সভাপতিজনে কয়৷ ইয়াৰ লগতে তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে পলমকৈ হ’লেও ব্যৱস্থা লৈছে৷ আমি সন্তুষ্ট৷ বন বিষয়াজনৰ লগত জড়িত আন ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ তেওঁ দাবী কৰে৷ এছিয়াডত সোণ জয়ী এথলেট স্বপ্না বৰ্মনৰ ঘৰত অবৈধভাৱে কাঠ মজুত কৰি ৰাখিছে৷
গোপন সূত্ৰৰ ভিত্তিত এই অভিযোগ পাই যোৱা সপ্তাহত তেওঁৰ জলপাইগুড়িৰ বাসগৃহত বন বিভাগে অভিযান চলায়৷ স্বপ্নাৰ হাতত কাঠ মজুত থকাৰ বাবে প্ৰয়োজনীয় নথীপত্ৰ চাবলৈ বিচৰাত একো নাপালে৷ ইয়াৰ পাছত এমাহৰ ভিতৰত সেয়া দেখুৱাবলৈ বন বিভাগে জাননী জাৰি কৰে৷ আনহাতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত স্বপ্নাৰ ঘৰত এই অভিযান চলোৱাক লৈ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷
মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে তেওঁ এই অভিযানৰ বিষয়ে নাজানে৷ সেই বিষয়াক বদলি কৰা হ’ব বুলিও কয়৷ মমতা বেনাৰ্জীৰ এই ঘোষণাৰ পাছত ঘটনাক লৈ বিভক্ত হয় স্থানীয় বাসিন্দা৷ এটা পক্ষই ৰেঞ্জাৰৰ বদলিৰ বিৰোধিতা কৰি বন মন্ত্ৰীলৈ চিঠি লিখে৷ আনহাতে মুখ্যমন্ত্ৰীৰ এই ভূমিকাক জিলা বিজেপিয়ে সমৰ্থন কৰিছে৷












