![]()
নিউজ ডেক্স:
২৯ বছৰীয়া এগৰাকী যুৱতী৷ তামিলনাডুৰ কৃষ্ণগিৰিৰ এই যুৱতীগৰাকী আইনত স্নাতক৷ এই যুৱতীগৰাকী এতিয়া নতুন পৰিচয় ৰাজনীতিবিদ৷ যুৱতীগৰাকী এতিয়া উপবিষ্ট হৈছে প্ৰদেশ বিজেপিৰ উপ সভাপতি৷ বৰ্তমানে তামিলনাডু বিজেপিৰ নেতৃত্বত উপবিষ্ট এই যুৱতীগৰাকীৰ নাম বিদ্যা বীৰাপ্পান৷ প্ৰকৃততে নামটো ক’লে তেওঁৰ পৰিচয় পোৱা নাযাব৷
তেওঁ হ’ল এইজন লোকৰ কন্যা, যাৰ নাম শুনিলে পশ্চিম ঘাট পৰ্বতমালাৰ বিস্তীৰ্ণ অঞ্চল কঁপি উঠে যিজন ২০০৪ চনত আৰক্ষীৰ গুলীত নিহত হোৱা চন্দন দস্যু বীৰাপ্পানৰ কন্যা৷ আৰক্ষী, বনকৰ্মী আৰু নিৰিহ গাঁওবাসী সকলোবোৰ মিলি তেওঁ কমেও ২০০ জন লোকক হত্যা কৰাৰ অভিযোগ আছিল৷ একালত দক্ষিণ ভাৰতত ত্ৰাস আছিল বীৰাপ্পান৷

সেই চন্দন দস্যুৰ কন্যা বিদ্যাই জনায় যে তেওঁ ৬-৭ বছৰ বয়সত বিদ্যালয় বন্ধত কৰ্ণাটকৰ হানুৰ গোপীনাথ গাঁৱলৈ ককাকৰ ঘৰলৈ গৈছিল৷ তাতে এদিন ঘৰৰ বাহিৰত খেলি থাকোতে তেওঁৰ ওচৰলৈ বীৰাপ্পান গৈছিল৷ জীৱনত প্ৰথমবাৰ দেখা পাইছিল পিতৃক৷ কন্যা সন্তানটিক ভালকৈ পঢ়াশুনা কৰিবলৈ আৰু চিকিৎসকৰ উপদেশ লৈ চলিবলৈ কৈ চন্দন দস্যু গৈছিলগৈ৷
সাধাৰণতে পিছপৰা শ্ৰেণী বান্নিয়াৰ সম্প্ৰদায়ৰ হ’লেও নিজক কোনো বিশেষ সমাজৰ প্ৰতিনিধি হিচাপে দেখুৱাব নিবিচাৰে বিদ্যাই৷ ২০১১ চনত মাতৃ আৰু নিজৰ সমাজৰ বিৰুদ্ধে গৈ পচন্দৰ পুৰুষৰ সৈতে তেওঁৰ বিবাহ হৈছিল৷ তেওঁৰ মাতৃ এতিয়াও এনডিএৰ সহযোগী বান্নিয়াৰ দলৰ টিভিকেৰ সদস্য৷ ৰাজনীতি সম্পৰ্কে বিশেষ জ্ঞান নাথাকিলেও কেৱল সমাজ সেৱা কৰাৰ ইচ্ছাতে ৰাজনীতিত নামিছে বুলি বিদ্যাই কয়৷
কিছুদিনৰ আগতে এজন স্থানীয় নেতাই তেওঁক তদানীন্তন মন্ত্ৰী ৰাধাকৃষ্ণণৰ সৈতে দেখা কৰাই দিছিল৷ তামিলনাডুত বিজেপিৰ শক্তি বৃদ্ধিৰ বাবে তেওঁ কৰা অনুৰোধত বিদ্যা আগ্ৰহী হয়৷ যোৱা ফেব্ৰুৱাৰীত তেওঁ বিজেপিত যোগ দিয়ে৷ তেওঁ বিজেপিত যোগ দিয়াৰ কথা ফেচবুক যোগে জনায়৷
বীৰাপ্পানক বিৰুদ্ধে এনকাউণ্টাৰৰ নেতৃত্ব দিয়া তামিলনাডু আৰক্ষীৰ এছপিএফৰ তদানীন্তন বিষয়া কে বিজয় কুমাৰে বীৰাপ্পানক লৈ লিখা গ্ৰন্থত উল্লেখ কৰিছিল যে বিদ্যাৰ মাতৃয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত চেন্নাইৰ এখন চিকিৎসালয়ত বিদ্যাৰ জন্ম হৈছিল৷ বিষয়াজনে ছোৱালীজনীৰ নাম দিছিল বিদ্যা ৰাণী৷ তামিলনাডুৰ এটা মহিলা হোষ্টেলত বিদ্যা ডাঙৰ দীঘল হৈছিল৷












