নিউজ ডেস্ক:
ক’ৰোনাত আক্ৰান্ত হৈ নহয়, ক’ৰোনাৰ বাবে সৃষ্ট ব্যৱস্থাত বাঙ্গালুৰুত এটা সদ্যোজাতে অকাল মৃত্যুক সাৱটিব লগা হয়। উল্লেখযোগ্য যে এগৰাকী সন্তান সম্ভৱা মহিলাক তিনিখনমান চৰকাৰী হস্পিটেলে ভৰ্তি কৰাবলৈ অস্বীকাৰ কৰাৰ পিছত বাধ্য হৈ হস্পিটেলৰ বাহিৰতে তেওঁ যোৱা অটোখনৰ ভিতৰতে সন্তান প্ৰসৱ কৰে।
এই ঘটনাটোৱে এতিয়া জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, ভাৰতৰ প্ৰযুক্তি ৰাজধানীখনত কোভিড-১৯ সংকটৰ প্ৰকৃত ছবিখন পোহৰলৈ আনিছে, যাৰ ফলত শেহতীয়া সপ্তাহত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা কোভিড সংক্ৰমণৰ বাবে সাধাৰণ লোক অসহায় হৈ পৰিবলগা হৈছে।
মহিলা গৰাকীৰ ভাতৃয়ে এই সন্দৰ্ভত কয়, “মোৰ জ্যেষ্ঠ ভগ্নীৰ প্ৰসৱ বিষ আৰম্ভ হোৱাত পুৱা প্ৰায় ২টামান বজাত আমি তেওঁক হস্পিটেললৈ লৈ যাওঁ। তাত তেওঁলোকে আমাৰ পৰা কোভিড পৰীক্ষাৰ ৰিপোৰ্ট বিচাৰে আৰু ভৰ্তিৰ পূৰ্বে জমা দিব লাগিব বুলি জনায়।প্ৰথমটো অস্বীকাৰৰ পিছত তেওঁলোকে দ্বিতীয় এখন হস্পিটেলৰ সন্ধান কৰিবলৈ বাধ্য কৰে য’ত মহিলাগৰাকীৰ কোভিড পৰীক্ষা কৰিব পৰা যায় একমাত্র হস্পিটেলত ভৰ্তিৰ উদ্দেশ্যে।
মহিলাগৰাকীৰ ভাতৃয়ে লগতে কয়, তেওঁলোক প্ৰায় তিনিখনমান হস্পিটেললৈ যায় যদিও তেওঁলোকৰ গুৰুতৰ অৱস্থা অনুধাৱন কৰাৰ বিপৰীতে বিভিন্ন ধৰণৰ নিৰ্দেশ দি একপ্ৰকাৰ ব্যতিব্যস্ত কৰি তোলে।
অৱশেষত দুৰ্ভাগ্যজনকভাৱে তেওঁলোক যোৱা অটোখনতে কোনো ধৰণৰ চিকিৎসা সহায়তা নোপোৱাকৈয়ে সন্তান অতি জন্ম দিয়ে। কিন্তু পিছত সন্তানটিৰ মৃত্যু হয়। ঘটনাটোৰ পিছত এতিয়া সৰ্বত্ৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ শোচনীয় অৱস্থা আৰু য়েডিয়োৰাপ্পা চৰকাৰৰ বিফলতাৰ বাবে তীব্ৰ সমালোচনা কৰিছে।