![]()
নিউজ ডেস্ক:
এনেকুৱা বহু ভিডিও প্রতিনিয়ত ভাইৰেল হৈ আছে যিয়ে আমাৰ মনক কেতিয়াবা ভৰাকান্ত কৰি তোলে। আকৌ কোনো কোনো ঘটনাই আমাক খুব আনন্দ দিয়ে। কিন্তু উত্তৰ প্রদেশৰ এনেকুৱা ই এক ঘটনা, যি খুব বেদনাদায়ক আৰু হৃদয়স্পর্শী যিয়ে আমাৰ হাড় পর্যন্ত কঁপাই দিব। লগতে দেশৰ স্বাস্থ্য সেৱাৰ পৰিস্থিতি সম্পর্কে ভাবিবলৈ বাধ্য হ’ব আপুনিও।
ঘটনাটো উত্তৰ প্রদেশৰ দেওৰিয়াৰ। য’ত ঘোচ নিদিয়াৰ বাবে এটা মাকৰ গাখীৰ খোৱা শিশুই তেওঁৰ অসুস্থ পৰিজনৰ স্ট্রেচাৰ ঠেলিবলগা হৈছে। এজন কাঠ বিক্রেতাই কাঠ কাটিবলৈ যাওঁতে ভৰিত বেয়াকৈ আঘাত পায়। দাৰিদ্র পৰিয়ালৰ ব্যক্তিজনৰ ভৰিত কাপোৰ এখন বান্ধি হস্পিটেললৈ লৈ যোৱা হয়। প্রথমতে তেওঁলোকে স্ট্রেচাৰ পোৱা নাছিল। পিছত যদিও স্ট্রেচার পায়, নাপালে কোনো স্টাফ বয় বা লেডি। কাৰণ এটাই, তেওঁলোক দুখীয়া টকা দিব নোৱাৰে।
বাধ্য হৈ স্ট্রেচাৰৰ ওপৰত অসুস্থ ব্যক্তিজনক শুৱাই লৈ স্ট্রেচাৰখন টানে তেওঁৰ আত্মীয়ই। আৰু পিছৰ পৰা তেওঁৰ গাখীৰ খোৱা শিশুটোৱে স্ট্রেচাৰখন ঠেলে। এই কষ্টদায়ক ঘটনাটি ছচিয়েল মিডিয়াত ভাইৰেল হয়। যাক লৈ এতিয়া সমগ্ৰ দেশত গৰিহণাৰ জোৱাৰ। ব্যক্তিজনৰ পৰিয়ালৰ অভিযোগ, হস্পিটেলৰ কর্মীসকলে স্ট্রেচাৰখন লৈ যোৱাৰ বাবে ঘোচ বিচাৰিছিল। কিন্তু ৰোগীৰ পৰিয়ালৰ সেই সামৰ্থ্য নাই। সেয়ে তেওঁলোকে দিব নোৱাৰে। গতিকে নিজে স্ট্রেচাৰ ঠেলি ভিতৰলৈ লৈ যায়।












