![]()
বিশেষ প্ৰতিবেদন:
সৰুতে অকালতে পিতৃক হেৰুৱাই বাধা পৰিছিল শিক্ষাত, যি স্কুলত পঢ়িছিল তাতো কৰিছিল ৰন্ধাৰ কাম। পৰৱর্তী সময়ত খোলে ঘুগনিৰ দোকান।এয়া তেনেই সাধাৰণ কথা, বিচাৰিলে এনেকুৱা উদাহৰণ অজস্ৰ পোৱা যাব। কিন্তু ইয়াত যাৰ কথা উল্লেখ কৰিব ওলাইছোঁ তেওঁৰ আছে ইয়াৰ বাহিৰেও অন্য পৰিচয়, তেওঁ হ’ল পদ্মশ্রী বঁটা প্রাপক জনপ্রিয় কবি। হলধৰ নাগৰ জীৱন কাহিনীয়ে নিশ্চিতভাবে আপোনাক অনুপ্রাণিত কৰিবই।

পিন্ধনত শুভ্ৰ ধুতি আৰু কুর্তা। পিঠি পর্যন্ত দীঘল তেলত জিলিকি থকা চুলি। ভৰিত জোতাও নাই। এনে ঘুগনি বিক্রেতাই স্বাভাবিকতেই কাৰো দৃষ্টি নাকাঢ়ে৷ কিন্তু বহুতেই নাজানে যে অতি অনাড়ম্বৰ জীৱন কটোৱা এই মানুহজন এজন জনপ্রিয় কবি৷ তেওঁৰ জোলোঙাত আছে পদ্মশ্রী সম্মানো। হলধৰ নাগৰ সমগ্ৰ জীৱনটোৱেই গঢ়ি উঠিছে সংগ্রামৰ মাজেৰে।

১০ বছৰ বয়সত পিতৃ নিধন হয়, হলধৰ তেতিয়া তৃতীয় শ্ৰেণীত অধ্যয়নৰত। অভাৱৰ তাড়নাত পঢ়া-শুনা বাদ দি, মিঠাইৰ দোকানত বাচন ধোৱাৰ পৰা ৰাস্তাত ঘুগনি বিক্রি- জীবনত বহু কামেই কৰিবলগা হৈছিল হলধৰে। কিন্তু তেওঁৰ প্রতিভাই কেতিয়াও জীবনৰ ওচৰত হাৰ মনা নাছিল। তৃতীয় শ্ৰেণী পর্যন্ত পঢ়া-শুনা কৰা হলধৰৰ ওপৰত আছিল মাক সৰস্বতীৰ আশীর্বাদ, সেয়ে যিমানবাৰেই তেওঁ কলম ধৰিছে তেওঁৰ হাতৰ পৰা নিগৰিছে সাহিত্যৰ মণিমুক্তা।

সৰুতেই তেওঁ কোচলি ভাষাত চুটিগল্প লিখা আৰম্ভ কৰে। কবিতা চর্চা আৰম্ভ কৰে অলপ ডাঙৰ হোৱাৰ পিছত। ১৯৯০ চনত প্রথম কবিতা ‘ধোদো বৰগাছ’ অর্থাৎ বুঢ়া বটগছ স্থানীয় এখন পত্রিকাত প্রকাশিত হয়৷ তাৰ পিছত তেওঁ আৰু চাৰিটা কবিতা পঠায় সেই পত্রিকাত। সেইবোৰো প্রকাশিত হয় এটা এটাকৈ। ইয়াৰ পিছত আৰু ঘূৰি চাবলগা হোৱা নাই হলধৰে।

এটাৰ পিছত আন এটা লেখা প্রশংসাত উপচাই দিয়ে সাধাৰণ মানুহৰ পৰা সাহিত্য সমালোচকে। তেওঁৰ সকলো কবিতা একত্রিত কৰি ‘হলধৰ গ্রন্থাৱলী’ প্রকাশ কৰিছে চম্বলপুৰ বিশ্ববিদ্যালয়ে। চলিছে এই কিতাপৰ দ্বিতীয় সংস্কৰণৰ প্রস্তুতিও। এতিয়ালৈকে তেওঁৰ লেখাৰ ওপৰত গৱেষণা কৰিছে ৫ জনে।২০১৬ চনত ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীৰ হাতৰে পদ্মশ্রী সম্মানেৰে ভূষিত হয় তেওঁ। ২০১৯ চনত তেওঁক চম্বলপুৰ বিশ্ববিদ্যালয়ে দিয়ে সন্মানীয় ডক্টৰেট। তথাপি এতিয়াও আগৰ দৰেই অনাড়ম্বৰ জীৱন যাপনতেই অভ্যস্ত ‘লোক কবিৰত্ন’ হলধৰ নাগ।












