![]()
বিশেষ প্ৰতিবেদনঃ
কৰোনাৰ বিৰুদ্ধে সন্মুখৰ পৰাই যুঁজ চলাই গৈছে তেওঁলোকে। কিন্তু নেটিজেনে (ইণ্টাৰনেট জগতত সোমাই থকা লোক) আপাতত সেই সকলো পাহৰি তেওঁলোকৰ নামৰ কাষত অন্য উপাধি লগাই দিছে। দুয়োকেই কোৱা হৈছে, বিশ্বৰ ‘ছেক্সিয়েষ্ট নাৰ্ছ’। কোবাল গতিত ফলৱাৰ বৃদ্ধি কৰি যোৱা এই দুগৰাকী নাৰ্ছ সম্পর্কে কিছু জানি লওঁ আহক।
দুয়োগৰাকীয়েই নাৰ্ছ। লগতে আছে উচ্চ শিক্ষাও। কৰোনা আক্রান্ত ৰোগীসকলৰ কাষত থাকিয়ে যুঁজ চলাই গৈছে দুয়োৱে। এতিয়া তেওঁলোকৰেই ইনস্টাগ্রাম একাউন্টত ভক্তৰ সংখ্যা হোৰাহোৰে বাঢ়িছে। বিগত কিছু মাহ ধৰি এই দুই নাৰ্ছৰ গৰম ছবি দেখি গৰম নেট জগতো। এগৰাকীৰ নাম কেইচি পামাৰ্ছ (Kaycie Palmers) আৰু আনগৰাকী কেৰিনা লিন (Carina Linn)। নাৰ্ছিঙৰ লগে লগে কেইচিয়ে পঢ়া-শুনা কৰে নিউয়র্ক বিশ্ববিদ্যালয়ত। আনহাতে, টাইৱানৰ ২৩ বছৰীয়া কেৰিনা লিনে প্ৰত্যক্ষভাবে নাৰ্ছিঙকেই পেছা হিচাবে বাছি লৈছে। দুয়ো এতিয়া কৰোনা-যোদ্ধা। কিন্তু নেটিজেনে বৰ্তমান সেইবোৰ সকলো পাহৰি তেওঁলোকৰ নামৰ লগত অন্য উপাধি জোৰাই দিছে। দুয়োজনকেই কোৱা হৈছে, বিশ্বৰ ছেক্সিয়েষ্ট নাৰ্ছ (World’s Sexiest Nurse)।

নেট জগতত তেওঁৰ বহুতো নাম। কোনোৱে কয় কেইচি, কোনোৱে আকৌ নাম দিছে তেওঁৰ কেই। নিউয়র্কৰ এখন হস্পিটেলৰ ক্রিটিকেল কেয়াৰ ইউনিটৰ নাৰ্ছ কেইচি। ১২ ঘণ্টাৰো বেছি ডিউটি কৰিবলগা হয় তেওঁ। আৰু এই কৰোনাৰ কাল বেলাতো ডিউটি আৱাৰ্ছ শেষ হোৱাৰ নামেই নাই। একেবাৰে সন্মুখৰ পৰাই কৰোনা আক্রান্তসকলৰ সেৱা-শুশ্রুষাৰ কাম কৰি গৈছে কেইচিয়ে।
নিউয়র্ক বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল কেইচিয়ে। ভ্ৰমণ বিলাসী কেইচি। তেওঁৰ ইনস্টাগ্রাম প্রফাইলে সেই কথাই কয়। ইতিমধ্যেই কাম, অধ্যয়নৰ পিছতো ফুৰি আহিছে ফিজি, থাইলেণ্ড, বালি, পুৱের্তো ৰিকো, দ্য বাহামাছ আৰু বহু কেইখন স্থানৰ পৰা।কেইচিৰ ইনস্টাগ্রাম প্রফাইলৰ বায়’ত লিখা মতে স্বপ্নৰ পিছত দৌৰিবলৈ তেওঁ পছন্দ কৰে। নাৰ্ছ হিচাবে দেশৰ মানুহৰ সেৱা কৰাটো যে খুবেই কঠিন কাম সেই কথাটা স্বীকাৰ কৰে কেইচিয়ে। কিন্তু এই সকলোবোৰৰ পিছতো তেওঁ কয়, ‘প্ৰথমে দেশৰ সেৱা। পিছত অন্যবোৰ।’
চাকৰিৰ সমান্তৰালভাৱে চলাই গৈছে পঢ়া-শুনাও। অৱসৰ পালেই বাহিৰলৈ ফুৰিবলৈ যায়। এইবোৰৰ পিছতো নেট জগতত নিজৰ জনপ্রিয়তা অলপো কম হ’বলৈ দিয়া নাই কেইচি পামাৰে। ইনস্টাগ্রামত তেওঁ ফলোৱাৰৰ সংখ্যা ইতিমধ্যেই অতিক্ৰম কৰি গৈছে ১ লাখ ২০ হাজাৰৰো অধিক। তেওঁ কয়, দেশৰ মানুহৰ সেৱা কৰো বাবেই মানুহে ইমান ভালপায়। অৱশ্যে কেৱল এগৰাকী নাৰ্ছ হৈয়ে ইমান মানুহৰ মনত স্থান লাভ কৰিব, সেয়া কেতিয়াও কল্পনা কৰা নাছিলো। সকলোকে বহুত ধন্যবাদ।”
কেৰিনা লিন
টাইৱানৰ এইগৰাকী নাৰ্ছে মডেলিঙো কৰে। মাত্র ২৩ বছৰ বয়সতেই ইনস্টাগ্রামত কেৰিনা লিনৰ ফলোৱাৰ্ছৰ সংখ্যা ১ লাখ ৮৬ হাজাৰৰো অলপ বেছি। আৰু এই বিপুল সংখ্যক ফলোৱাৰ্ছ তেওঁ লাভ কৰিছে মাত্র ৬৬টি ইনস্টা পোষ্টৰ পৰাই। টাইৱানৰ ৰাজধানী টাইপেনৰ এখন হস্পিটেলৰ নাৰ্ছ তেওঁ। কিন্তু কামৰ ফাঁকতেই সময় পালেই ড্রেছ চেঞ্জ কৰি ফটো তুলি ইনস্টাগ্রামত পোষ্ট কৰি দিয়ে কেৰিনাই।
“এনেকুৱা ক’ৰবাত লিখা আছে নেকি যে, নাৰ্ছসকল মডেল হ’ব নোৱাৰে?” প্রশ্নচিহ্ন এৰি দি কেৰিনাই কৈছে, “ডিউটি ডিউটিৰ স্থানতেই আছে। ডিউটি শেষ হৈ গ’লে মই কি কৰিছো, আৰু কি কৰিম- সেয়া সম্পূর্ণভাবেই মোৰ ব্যক্তিগত বিষয়।” কিছুদিন পূৰ্বেই তেওঁৰ বিকিনি পৰিহিত এখন ছবিক কেন্দ্ৰ কৰি তীব্র বিতর্কৰ সৃষ্টি হৈছিল। সেই সময়তেই এনে মন্তব্য কৰিছিল কেৰিনাই।
কিছু দিন আগতে পুনৰ সমালোচকসকলৰ ৰোষত পৰে কেৰিনা। আৰু তেওঁৰ যোগ্য প্ৰত্যুত্তৰ, “বিখ্যাত হোৱাৰ বাবে মই ফটো তোলা নাই। মই সেইবোৰ কৰি থাকো, যিবোৰে মোক আনন্দ দিয়ে। মই নাভাবো মোৰ মাজত কোনো বিশেষ গুণ আছে বা সকলোৰে পৰা পৃথকো মই নহয়। মই একেবাৰে সাধাৰণ এগৰাকী নাৰী। আৰু পাঁচজনী নাৰীৰ দৰেই সাধাৰণ জীৱন-যাপন কৰিছো।” কেৰিনাই টাইৱানৰ প্রথম মহিলা, যাৰ ইনস্টাগ্রামত ইমান বিপুল সংখ্যক ফেন।
কেৰিনাৰ ইনস্টাগ্রাম প্রফাইলত তীব্ৰ গতিত বাঢ়িছে ফলোৱাৰ্ছৰ সংখ্যা। অৱশ্যে তাৰ মাজত অধিকাংশই জোৱান বা সেনাকর্মী। ইয়াৰ বাবে তেওঁ অত্যন্ত আনন্দিত। কিন্তু কেনেদৰে ইমান জোৱান তেওঁৰ ভক্ত হ’ল সেই কথা ভাবি নিজে আচৰিত। কেৰিনাই কয়, “এগৰাকী নাৰ্ছৰ যেনে কর্তব্য, তেনেকুৱাই এগৰাকী জোৱানৰো। দুয়োজনেই দেশৰ সেৱাত নিবেদিত প্রাণ। সকলোকে বহুত ধন্যবাদ, মোক ঘমান ভালপোৱাৰ বাবে।”












