
মহানগৰীৰ ভৰলুত পিতৃৰ সৈতে ঔষধ আনিবলৈ যোৱা এগৰাকী শাৰীৰিক ভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙৰ।টুইটাৰৰ জৰিয়তে আৰক্ষীৰ সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰিছে এই কথা।

উল্লেখ যে বৃহস্পতিবাৰে পিতৃ সৈতে ঔষধ আনিবলৈ কিশোৰ গৰাকীৰ ফাৰ্মাচীলৈ যোৱা সময়তে কৰ্তব্যৰত আৰক্ষীয়ে বেত্ৰাঘাত কৰিছিল কিশোৰজনক।এই কথা পিতৃয়ে সামাজিক মাধ্যমত পুত্ৰই চতফটা থকা ভিডিঅ আকাৰে প্ৰকাশ কৰিছিল।তাৰ পাছতে সামাজিক মাধ্যমত ভিডিঅটো সন্দৰ্ভত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া।আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ জনোৱাৰ লগতে অভিযুক্ত আৰক্ষী গৰাকীক শাস্তিৰ দাবী জনাইছিল।
গুৰুত্বপূৰ্ণ কথা এই যে আৰক্ষী গৰাকীৰ ভৰলো আৰক্ষী থানাত কৰ্মৰত।













