![]()
নিউজ ডেস্ক:
ক’ৰোনাক কেন্দ্ৰ কৰি চীন-আমেৰিকা কূটনৈতিক যুদ্ধ শুক্রবাৰে আৰু তীব্র হ’ল। হিউস্টনৰ চীনা দূতাবাস বন্ধ কৰাৰ প্ৰত্যুত্তৰত চেংদুৰ মার্কিন দূতাবাসত ‘তলা মৰা’ৰ সিদ্ধান্ত ল’লে চীনে। মার্কিন বিদেশ সচিব মাইক পম্পেঅই পোনপটীয়াকৈ গুপ্তচৰ বৃত্তিৰ অভিযোগ তুলিলে হিউস্টনৰ চীনা দূতাবাসৰ বিৰুদ্ধে।
চীনা বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা আজি দক্ষিণ-পশ্চিমৰ উদ্যোগ চহৰ চেংদুৰ মার্কিন দূতাবাস বন্ধৰ নির্দেশ জাৰি কৰা হৈছে। সিদ্ধান্ত সমর্থন কৰি বিবৃতিত কোৱা হৈছে, ‘‘আমেৰিকাৰ অযৌক্তিক কার্যকলাপৰ বৈধ আৰু প্রয়োজনীয় উত্তৰ।’’ উল্লেখযোগ্য যে ১৯৮৫ চনত আৰম্ভ হোৱা চেংদু চহৰৰ মার্কিন দূতাবাসত প্রায় ২০০ জন কর্মী আছিল।
তেওঁলোকৰ ভিতৰত প্রায় ১৫০ জনেই চীনা নাগৰিক। বিগত মঙ্গলবাৰে ডোনাল্ড ট্রাম্প চৰকাৰে ৭২ ঘণ্টাৰ ভিতৰত হিউস্টনৰ চীনা দূতাবাস বন্ধ কৰাৰ নির্দেশ জাৰি কৰে। তাৰেই প্রতিক্রিয়াত আজি চীনৰ এই পদক্ষেপ।












