![]()
নিউজ ডেস্ক:
প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা বান আৰু ভূমিস্খলনত নেপালত মৃত্যু ঘটিছে প্ৰায় ১৩২জন লোকৰ।“২৩ জুলাইৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত ১৩২জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১২৮জন আঘাতপ্ৰাপ্ত, ৫৩জন সন্ধানহীন আৰু ৯৯৮টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।”

নেপাল চৰকাৰৰ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে এনেদৰে প্ৰকাশ কৰে।শেহতীয়া দুটা সপ্তাহৰ ভিতৰত পশ্চিম নেপালৰ ম্যাগাদী জিলা অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু ২৭জন লোকৰ মৃত্যু হৈছে।উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু বিভাগীয় লোকসকলে। লগতে সন্ধানহীন ব্যক্তিসকলৰ সন্ধানতো অভিযান চলাই আছে।












