![]()
নিউজ ডেস্কঃ
ক’ৰোনা সংকটকালত জম্মু-কাশ্মীৰৰ পৰা আহিল মানৱীয়তাৰ এক উৎকৃষ্ট উদাহৰণ। লকডাউনৰ কাৰণে এগৰাকী কাশ্মীৰী পণ্ডিতৰ শেষকৃত্যত অংশ ল’লে মুছলিম সম্প্রদায়ৰ লোকসকলে। ঘটনাটি ঘটিছে জম্মু-কাশ্মীরৰৰ ছপিয়ানত।
মৃত কাশ্মীৰী পণ্ডিতৰ সূত্ৰৰ মাৰফতত জানিব পৰা গৈছে যে, ১১০ বছৰীয়া এজন কাশ্মীৰী পণ্ডিত কাণ্ঠৰাম বার্ধক্যজনিত কাৰণত দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত যোৱা বৃহস্পতিবাৰে শেষ নিঃশ্বাস ত্যাগ কৰে। কিন্তু কৰোনা সংক্রমণৰ ফলত লকডাউনৰ কাৰণে কোনো আগুৱাই নাহে তেওঁৰ শেষকৃত্য কৰিবলৈ।
আগুৱাই আহে মুছলিম সম্প্রদায়কাশ্মীৰী পণ্ডিতৰ মৃত্যুৰ খবৰ পাই আগুৱাই আহে ছপিয়ানৰ জৈনপুৰাৰ মুছলিম সম্প্রদায়ৰ লোকেসকল। সম্পূর্ণ হিন্দু নিয়ম-নীতি মানি, হিন্দু মতেই মুছলিম সম্প্রদায়ৰ লোকসকলে আহি পণ্ডিতজনৰ শেষকৃত্য সম্পন্ন করেন। এই ঘটনাই বর্তমান সময়ত নজিৰ সৃষ্টি কৰিছে।
কাশ্মীৰী মুছলিমসকলৰ মানৱীয়তা অৱশ্যে এই মুছলিম সম্প্রদায়ৰ লোকসকল আগুৱাই অহাৰ ঘটনা এয়াই প্রথম নহয়। ৯০ দশকৰ আৰম্ভণিৰ ফালে উপত্যকাটোত সংঘাতৰ পিছতো তেওঁলোক এই অঞ্চলতোতেই থাকি যায়। ইয়াৰ পূৰ্বে উত্তৰ কাশ্মীৰৰ বান্দিপোৰাৰ কালোছা গাঁৱত কাশ্মীৰী পন্ডিত মহিলাৰ শেষকৃত্যতো তেওঁলোকে অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি লকডাউনৰ মাজতে এক মৃত শিখ ব্যক্তিকো তেওঁলোকে দফন কৰিছিল।












