![]()
নিউজ ডেস্ক:
ক’ৰোনাৰ প্রকোপ নকমাত দেশৰ বহু স্থানত নতুনকৈ লকডাউন ঘোষণা কৰিছে প্রশাসনে। বাৰম্বাৰ লকডাউনৰ ফলত সাধাৰণ মানুহ পৰিছে মহাবিপদত। আনহাতে, এই ক’ৰোনা পৰিস্থিতিত বহু লোকে কামো হেৰুৱাইছে। তাৰ উপৰি নতুনকৈ লকডাউন ঘোষণাই এইবাৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলক ব্যাপক ক্ষতিৰ মুখত পেলাইছে।
তেওঁলোকৰ ভবিষ্যত অনিশ্চিত হৈ পৰিছে। সেয়ে চৰকাৰৰ লকডাউন সূত্ৰক লৈ সমালোচনা কৰিছে এজন পাচলি বিক্রেতাই। তাকো শুদ্ধ ইংৰাজীত। হয়, ঠিকেই বুজিছে। এইগৰাকী পাচলি বিক্রেতাই ফৰফৰাই ইংৰাজীত চৰকাৰৰ সিদ্ধান্তৰ সমালোচনা কৰিছে। ইন্দোৰৰ এই পাচলি বিক্রেতাৰ সেই ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।
জানিব পৰা মতে, এগৰাকী মহিলাই লকডাউনত ফল আৰু পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছে। তেওঁৰ পকেটত আছে পিএইচডি ডিগ্রিৰ প্ৰমাণ-পত্ৰ। তথাপিও তেওঁ চাকৰি পোৱা নাই। এই দুঃসময়ত সংসাৰ চলাবলৈ পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছে। কিন্তু তাতো বাধা। স্থানীয় প্রশাসনে আহি তেওঁক পাচলিৰ গাড়ী দাঙি নিবলৈ কৈছে।
পাচলি বিক্রেতাগৰাকীয়ে জনোৱা মতে, এনেয়ো ক’ৰোনাৰ বাবে বজাৰত ভিৰ নাই। তেওঁৰ দোকানৰ সন্মুখতো মানুহৰ ভিৰ নাই। সকলোৱে দূৰত্ব বজায় ৰাখি ৰখি পাচলি কিনিছে। তথাপিও প্রশাসনে তেওঁক উঠাই দিব বিচাৰিছে। সেয়া হ’লে তেওঁ সংসাৰৰ খৰচ উলিয়াব কেনেকৈ! এইবোৰ কথা তেওঁ কৈছে ফৰফৰাই ইংৰাজীতে। মহিলাগৰাকী পদার্থবিদ্যাত স্নাতকোত্তৰ। তাৰ পিছত আলিয়া বিশ্ববিদ্যালয়ৰ পৰা ২০১১ চনত পদার্থবিদ্যাত পিএইচডি কৰিছে। তাৰ পিছতো চাকৰি পোৱা নাই।
তেওঁ কয়, ”বেচৰকাৰী চাকৰি কৰিব নিবিচাৰোঁ। কিন্তু চৰকাৰী চাকৰি মোক কোনে দিব! মইতো মুছলিম। মোৰ নাম ৰায়ছা আনছাৰী। এনেয়ো মুছলিমসকলে ক’ৰোনা বিয়পাইছে বুলি চাৰিও দিশে গুজব ৰটিছে। মইও মুছলিম। আৰু এইটো জনাৰ পিছতেই কোনো কলেজ, বিশ্ববিদ্যায়ে মোক চাকৰি দিব নিবিচাৰে। এতিয়া প্রশাসনেই কওক, মই কি কৰিম! ক’লৈ যাম! সংসাৰতো চলাবই লাগিব।”












