![]()
নিউজ ডেস্কঃ
মানুহ মানুহৰ বাবে। কিন্তু আমি কিমানজনে এই কথাটো মানি চলিব পাৰো। নিজৰ স্বার্থৰ উর্ধ্বত গৈ আমি আচলতে সকলোৰে বাবে ভাবিব পাৰোনে! কিন্তু কিছুমান মানুহে পাৰে। তেওঁলোক মানুহৰ ৰূপত দেৱদূত হৈ পৃথিৱীলৈ আহে। নিজৰ বাবে নপয়, জীয়াই থাকে অন্যৰ বাবে। জীৱিত অৱস্থাততো বাদেই, মৃত্যুৰ পিছতো তেওঁলোকে মানুহকে সহায় কৰি যায়।
কেৰালাৰ যুৱক অনুজিথ এনেকুৱাই এজন মানুহ আছিল। মাত্র ২৭ বছৰ বয়সতেই বাইক দুর্ঘটনাত প্রাণ হেৰুৱালে অনুজিথে। কিন্তু এই চুটি জীৱনত তেওঁ বচাই গৈছে কেইবাজনৰো প্রাণ। আনকি মৃত্যুৰ পিছতো তেওঁ আঠজনক নতুন জীৱন দি যায়।

১৪ জুলাইত কেৰালাৰ কোট্টাৰকাৰা এলেকাত বাইক দুর্ঘটনাত আহত হয় অনুজিথ। ইয়াৰ পিছত তেওঁক চিকিত্সাৰ বাবে তিৰুবনন্তপূৰমলৈ নিয়া হয়। কিন্তু শেষ ৰক্ষা নহয়। অনুজিতৰ ব্রেন ডেথ ঘোষণা কৰে চিকিত্সকসকলে। কিন্তু মৃত্যুৰ পূৰ্বেই অনুজিথে পত্নী আৰু ভগ্নীক তেওঁৰ অঙ্গদানৰ ইচ্ছাৰ কথা জনাই গৈছিল।

সেই মতে অনুজিথৰ হৃদপিণ্ড, কিডনি, অন্ত্র, চেকু, লিভাৰ আৰু হাত অন্যৰ শৰীৰত প্রতিষ্ঠাপন কৰা হয়। ৫৫ বছৰ বয়সীয়া ছানি থমাছ নামৰ এজনৰ শৰীৰত প্রতিষ্ঠাপন কৰা হৈছে অনুজিথৰ হৃদপিণ্ড। নতুন জীৱন পাইছে ছানি থমাছে। আৰু এনেদৰেই এই পৃথিৱীত নথকাকৈয়ে থাকি গ’ল অনুজিথ। ২০১০ চনত ১৭ বছৰ বয়সত কেইবা শ মানুহৰ জীৱন বচাইছিল অনুজিথে।

সেইবাৰ ৰেল লাইনৰ কাষেৰে দৌৰিছিল অনুজিথ আৰু তেওঁৰ বন্ধুসকলে। সেই সময়ত তেওঁলোকে লাইনত ফাঁট লক্ষ্য কৰে। ইফালে ছিগনেল খোলা থকাত ৰেল আহি আছিল। সেই সময়ত অনুজিথ আৰু তেওঁৰ বন্ধুসকলে নিজৰ জীবনৰ বাজী লগাই লাইনত থিয় হয় আৰু পিঠিৰ ৰঙা বেগ খুলি চালকৰ উদ্দেশ্যে ইঙ্গিত দি থাকে।
চালকে বিপদ বুজি ৰেলৰ গতি কমাই দিয়ে। যাৰ ফলত কেইবা শ মানুহ ডাঙৰ বিপদৰ মুখৰ পৰা ৰক্ষা পৰে। অনুজিথৰ দৰে মানুহৰ এই পৃথিৱীত এতিয়া খুবেই প্ৰয়োজন। তেওঁ আছিল, আছে আৰু থাকিব কাৰণেই পৃথিৱীখন এতিয়াও সুন্দৰ, বাসোপযোগী।












