![]()
নিউজ ডেস্কঃ
১৫ আগষ্টত ভাৰতত কোভিড-১৯ এক্টিভ কেছৰ সংখ্যা হ’ব এক মিলিয়ন অর্থাৎ ১০ লাখ। এই প্ৰতিবেদনে এতিয়া সকলোৰে চকুৰ টোপনি কাঢ়িছে। ইতিমধ্যে গণ সংক্রমণৰ আশঙ্কা কৰা হৈছে।
এই পৰিস্থিতিত একাধিক ৰাজ্যই নতুনকৈ লকডাউনৰ পথ লৈছে। কি হ’ব দেশৰ ভৱিষ্যৎ? আনলক নে লকডাউন? এই জল্পনাৰ মাজতেই সোমবাৰে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে আলোচনাত বহিব প্রধানমন্ত্রী নৰেন্দ্র মোডী। সূত্রৰ খবৰ অনুযায়ী, বৈঠকত দেশৰ ক’ৰোনা পৰিস্থিতিক লৈ আলোচনা হ’ব পাৰে।
কেনেদৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ চলোৱা যায় তাকে লৈ হ’ব পাৰে আলোচনা। কিন্তু এই বৈঠকক কেন্দ্ৰ কৰি নতুনকৈ লকডাউনৰ কল্পনাও সৃষ্টি হৈছে। কাৰণ ইতিমধ্যে একাধিক ৰাজ্যত আৰম্ভ হৈছে লকডাউন। সেই বিষয়ে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক দিব পাৰে তথ্য। ইয়াৰ পিছত সেইবোৰ বিচাৰ কৰি পুনৰ লকডাউন হ’ব পাৰে বুলিও অনুমান কৰা হৈছে।
উল্লেখ্য যে আগষ্টৰ ১৫ তাৰিখে দিল্লীৰ লালকিল্লাত যেতিয়া প্ৰধানমন্ত্ৰীয়ে ত্ৰিৰংগা উত্তোলন কৰিব ঠিক তেতিয়াই ভাৰতত কোভিড-১৯ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ব এক মিলিয়ন অর্থাৎ ১০ লাখ। এই তথা প্ৰকাশ কৰিছে ভাৰতীয় গৱেষকসকলে।












