![]()
নিউজ ডেস্কঃ
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ক’ৰোনা পৰীক্ষাত পজিটিভ হিচাপে দেখা দিছে। টুইটযোগে এই কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ প্ৰকাশ কৰে যে তেওঁ ৰাজ্যখনৰ কোভিড পৰিস্থিতি ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে পৰ্যবেক্ষণ কৰি যাব।
“মোৰ উপসৰ্গ আছিল, পৰীক্ষাৰ পিছত সেয়া পজিটিভ আহে।
মই মোৰ সকলো সহকৰ্মীকে জনাওঁ যে যিসকল মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকে কৰোনা পৰীক্ষা কৰাওক। মোৰ লগত নিকট সান্নিধ্যলৈ অহাসকল কোৱাৰেণ্টাইনত থাকক।” চৌহানে টুইটযোগে এই কথা কয়।
এতিয়া তেওঁৰ অনুপস্থিতিত ৰাজ্যিক গৃহমন্ত্ৰী ডঃ নৰোত্তম মিশ্ৰ, নগৰ উন্নয়ন মন্ত্ৰী ভূপেন্দ্ৰ সিং, স্বাস্থ্য শিক্ষামন্ত্ৰী বিশাশ সাৰংগ আৰু স্বাস্থ্যমন্ত্ৰী ডঃ পিআৰ চৌধুৰীয়ে ক্ষেত্ৰ পৰিস্থিতিৰ দায়িত্ব ল’ব।












