![]()
নিউজ ডেক্স:
দেশত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ হয় ৪৮ হাজাৰ ৯১৬ জন লোক৷ আনহাতে মৃত্যু হৈছে ৭৫৭ জন৷ ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৩ লাখ ৩৬ হাজাৰ ৮৬১ জন হ’লগৈ৷ তদুপৰি মুঠতে ৩১ হাজাৰ ৩৫৮ জন লোকৰ মৃত্যু হৈছে৷ ইতিমধ্যে সুস্থ হৈ উঠিছে ৮ লাখ ৪৯ হাজাৰ ৪৩১ জন লোক৷
* অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া প্ৰদেশত যোৱা ২৪ ঘণ্টাত পাঁচজন লোকৰ মৃত্যু হয়৷ ইয়াকে লৈ ৰাজ্যখনত ৬১ জন লোকৰ মৃত্যু হয়৷ অষ্ট্ৰেলিয়াত বৰ্তমানলৈকে ১৩৯ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷
* অন্ধ্ৰপ্ৰদেশত ক’ভিড চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷
* মধ্যপ্ৰদেশৰ নাগচন্দ্ৰেশ্বৰ মন্দিৰত পূজা আৰম্ভ হৈছে৷ বছৰটোত এবাৰেই মন্দিৰত দোৱাৰ খোলা হৈছে৷ কিন্তু চলিত বছৰত ক’ৰোনাৰ বাবে দোৱাৰ মুকলি কৰাত সম্ভৱ হোৱা নাই৷ ভক্তসকলে অনলাইনত দেৱী দৰ্শন কৰিছে৷
* ৰাজস্থানত প্ৰথম প্লাজমা বেংক স্থাপন কৰা হৈছে৷
* চীনত নতুনকৈ ক’ৰোনত ৩৪ জন আক্ৰান্ত হৈছে৷
* মাস্ক নিপিন্ধাকৈ বিমান উঠাত নিষেধাজ্ঞা মাৰ্কিন যুক্তৰাষ্ট্ৰত৷
* ৰাজ্যবোৰক ক’ৰোনা পৰীক্ষা কৰিবলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰৰ৷
* নাগপুৰত শনি আৰু দেওবাৰে জনতা সান্ধ্য আইন৷ অৱশ্যে জৰুৰী সেৱা বাহাল আছে৷
* বিশ্বত ক’ৰোনাক পৰাস্ত কৰি সুস্থ হৈ উঠিছে ৯৭ লাখ ২৩ হাজাৰ ৯৪৯ জন লোক৷












