![]()
নিউজ ডেস্ক:
নেপালৰ আৰক্ষীয়ে সন্তানসহ এগৰাকী ভাৰতীয় যুৱতীক পণবন্দী কৰাত প্রবল উত্তেজনা বিয়পে বিহাৰ সীমান্তত। কেৱল সেয়াই নহয়, ইয়াকে লৈ বিতৰ্কৰ সময়ত নেপাল আৰক্ষীয়ে গুলিও চলায় বুলি জানিব পৰা গৈছে। চাঞ্চল্যকৰ এই ঘটনাটি ঘটিছে বিহাৰৰ পূর্ব চম্পাৰণ জিলাত গোধাশান থানাৰ অন্তর্গত খাৰচালৱা এলেকাত।
স্থানীয় সূত্রে জানিব পৰা মতে, শুক্রবাৰে খাৰচালৱা (Kharsalwa) এলেকাৰ বাসিন্দা যুৱতীগৰাকীয়ে সন্তানক লগত লৈ ভাৰত-নেপাল সীমান্তৰ ওচৰৰ স্থানত ঘাঁহ কাটিছিল। অকস্মাত তাত উপস্থিত হয় নেপাল আৰক্ষীৰ কিছু লোক। যুৱতীগৰাকীক ঘাঁহ কাটিবলৈ বাৰণ কৰে। যুৱতীগৰাকীয়ে তেওঁলোকৰ কথাৰ প্রতিবাদ জনাই কয়, তেওঁ ভাৰতীয় ভূখণ্ডৰ ভিতৰতে আছে। এই কথা শুনিয়েই আৰক্ষীয়ে তেওঁক তামাম মাৰধৰ কৰে। তাৰ পিছত সন্তানসহ তেওঁক নেপালৰ সীমান্তৰ ভিতৰত থকা পুলিচ পোষ্টলৈ দাঙি লৈ যায়।
ইফালে এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই বিহাৰৰ খাৰচালৱা এলেকাৰ মানুহে সীমান্তৰ ওচৰলৈ গৈ প্রতিবাদ জনাবলৈ আৰম্ভ কৰে। আৰম্ভ হয় তুমুল গন্ডগোল। পৰিস্থিতি ভয়াৱহ হৈ উঠা দেখি নেপালৰ আৰক্ষীয়ে গুলি চলায় বুলিও অভিযোগ উঠিছে। খবৰ পায়ে পূর্ব চম্পাৰণৰ আৰক্ষী গৈ পৰিস্থিতি নিয়ন্ত্রণলৈ আনে আৰু সন্তানসহ যুৱতীগৰাকীক উদ্ধাৰ কৰে।
এই প্রসঙ্গত পূর্ব চম্পাৰণৰ আৰক্ষী অধীক্ষক নবীনচন্দ্র ঝাই কয়, খবৰ পায়ে ঘটনাস্থলীলৈ গৈ যুৱতীগৰাকী আৰু তেওঁৰ সন্তানক উদ্ধাৰ কৰা হৈছে। বিষয়টিক কেন্দ্র কৰি এলেকাটোত প্রচণ্ড উত্তেজনা বিৰাজ কৰিছে। কিয় মহিলাগৰাকীক পণবন্দী কৰা হৈছিল সেয়াও তদন্ত কৰা হৈছে।












