![]()
নিউজ ডেস্ক:
আমাৰ সমাজত এনে বহুতেই আছে যিসকলে ছোৱালীক বোজা বুলি ভাবে, আৰু তেওঁলোক যদি শাৰীৰিক দিশৰ পৰা দিব্যাঙ্গ হয় তেতিয়াহ’লেতো তেওঁক গোটেই সমাজেই অন্য দৃষ্টিৰে চায়। এনে ধৰণৰ এগৰাকী ছোৱালীৰ কাহিনীয়ে উপস্থাপন কৰিব বিচৰা হৈছে। যি শাৰীৰিক দিশৰ পৰা দিব্যাঙ্গ হোৱাৰ কাৰণে সমাজৰ বঞ্চনাৰ চিকাৰ হৈছিল ঠিকেই, কিন্তু তেওঁৰ এটি কামে সকলোৰে মুখ বন্ধ কৰি দিছে। আজি তেওঁ ৰাজস্থানৰ আজমিৰৰ উপায়ুক্ত পদত নিযুক্ত। তেওঁৰ নাম আৰতি ডোগৰা। আৰু তেওঁৰ উচ্চতা মাত্র তিনি ফুট।

আৰতি ডোগৰা এতিয়া ৰাজস্থান কেডাৰৰ আইএএছ বিষয়া। আৰতিৰ উচ্চতা কম হ’লেও, আজি তেওঁ সমগ্ৰ দেশৰ মহিলা আৰু মহিলা আইএএছ বিষয়াসকলৰ ৰোল মডেল হৈ উঠিছে। আৰতি ডোগৰাক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও খুব পছন্দ কৰে। আৰতি উত্তৰাখণ্ডৰ বাসিন্দা। তেওঁৰ জন্ম উত্তৰাখণ্ডৰ ডেৰাদুনে হৈছিল। আৰতিয়ে ২০০৬ চনত আইএএছ বিষয়া হৈছিল। তেওঁৰ উচ্চতা মাত্র তিনি ফুট ছয় ইঞ্চি। আৰু সেই কাৰণেই সৰু কালত তেওঁ বহু বৈষম্যৰ চিকাৰ হয়।

সমগ্র সমাজে আৰতিক বৈষম্যৰ দৃষ্টিৰে চাইছিল, কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে সকলোতকৈ নিজৰ সন্তানক অতি ভালপায় আৰু তেওঁক ভাল শিক্ষা দি এনেকুৱা স্বাৱলম্বী কৰিছে যে, আজি সমগ্ৰ সমাজে তেওঁক ভালপায় আৰু সন্মান কৰে। আৰতিয়ে নিজৰ কার্যকালত বহু ডাঙৰ ডাঙৰ কাম কৰিছে। আৰু তেওঁৰ ওচৰত সকলোৱে সমান। তেওঁ যি বঞ্চনা সৰুতে সহ্য কৰিবলগা হৈছিল, সেই বঞ্চনাৰ চিকাৰ কোনোৱে যাতে হ’ব নালাগে তাৰ পণ লৈছে।

উল্লেখযোগ্য যে, আৰতিৰ পিতৃ ৰাজেন্দ্র ডোগৰা সেনাৰ এজন বিষয়া। আৰু মাতৃ কুমকুম ডোগৰা এগৰাকী স্কুল শিক্ষয়িত্ৰী। আৰতিৰ জন্মৰ সময়তেই চিকিৎসকে কৈছিল যে, তেওঁ শিশুসকলৰ সৈতে সাধাৰণভাবে স্কুলত পঢ়া-শুনা কৰিব নোৱাৰিব। আৰু ইয়াৰ পিছত যেতিয়া আৰতি ধীৰে ধীৰে ডাঙৰ হ’বলৈ ধৰিলে, তেতিয়া সমাজে তেওঁৰ প্রতি বঞ্চনা আৰম্ভ কৰি দিলে। সকলোৰে সৈতে যুঁজ কৰি আৰতিৰ পিতৃ-মাতৃয়ে তেওঁক বাকী শিশুসকলৰ সৈতেই স্কুলত পঢ়া-শুনাৰ বাবে ভর্তি কৰায়। বহু আপত্তি সত্বেও তেওঁলোকে আৰতিৰ পঢ়া-শুনাক লৈ কম্প্রোমাইজ কৰাৰ বাবে প্রস্তুত নাছিল।
তেওঁলোকৰ এটাই কথা আছিল, আৰু সেইটো হ’ল আমাৰ এই সন্তানেই আমাৰ সকলো স্বপ্ন পূৰণ কৰিব। আৰতিয়ে ডেৰাদুনৰ বেলহাম গার্লছ স্কুলত পঢ়া-শুনা কৰে। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ লেডি শ্রীৰাম কলেজৰ পৰা ইকনমিক্সত গ্রাজুৱেচন কৰে। তাৰ পিছত UPSC Indian Administrative Serviceৰ প্রস্তুতি ল’বলৈ আৰম্ভ কৰে তেওঁ। এতিয়া আৰতি দেশৰ বহু যুৱতীৰেই ৰোল মডেল।












