![]()
নিউজ ডেক্স:
বলীউডৰ ছবি উদ্যোগত ‘গেং’৷ এই গেঙক লৈ এইবাৰ সৰৱ হৈ পৰিছে স্বয়ং অস্কাৰ জয়ী সংগীত শিল্পী এ আৰ ৰহমান৷ বলীউডত গেঙৰ আধিপত্য চলিছে৷ ইয়াক স্বীকাৰ কৰিছে খ্যাতনামা সংগীত শিল্পী এ আৰ ৰহমানে৷
বিশিষ্ট সংগীত শিল্পীজনে কয়, ফ্লিম ইণ্ডাষ্ট্ৰীত এটা ‘গেং’ আছে, যাৰ সৈতে মোৰ সম্পৰ্ক আছে বুলি উৰাবাতৰি ওলাইছে৷ উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ শেষ ছবি ‘দিল বেচাৰা’ত সংগীত পৰিচালনা কৰিছিল এই সংগীত শিল্পীজনে৷ এই ছবিখনক লৈ সম্প্ৰতি ৰেডিঅ’ মিৰ্চিত এটা সাক্ষাৎকাৰত অস্কাৰ জয়ী সংগীত শিল্পী এ আৰ ৰহমানে কয়, কোনো ভাল ছবি হ’লে মই ক’তো সেইটো নহয় বুলি নকও৷
মই লক্ষ্য কৰিছো, তাত এটা গেং আছে, যিটোৱে এই ভুল বুজাবুজিৰ কাৰণ৷ তাৰ পৰাই মোৰ সম্পৰ্কত উৰাবাতৰি বিয়পিছে৷ এ আৰ ৰহমানে কয়, য’ত মুকেশ ছৰবৰা মোৰ কাষত আছিল, মই তেওঁক দুদিনৰ ভিতৰতে গান সৃষ্টি কৰি দিছিলো মুকেশে মোক কৈছিল, ছাৰ মোক বহুৱে কৈছিল তেওঁৰ কাষলৈ নাযাবা, আপদত একো নোপোৱা৷ বহুৱে আপোনাৰ সম্পৰ্কে গল্প শুনায়৷
এ আৰ ৰহমানে কয়, মই মুকেশ ছাবৰাৰ মুখত এই কথা শুনি বিষয়টো বুজি পালো৷ বুজিলো যে কেনেকৈ মই এতিয়া কাম পাম৷ কোনো ভাল ছবিত সংগীত পৰিচালনাৰ প্ৰস্তাৱ মোৰ কাষলৈ অহা নাই৷ গেঙৰ চক্ৰান্তত কিছু ডাৰ্ক ছবিৰ কামত মোক বাচি নিয়া হৈছে৷ তথাপি মই কেতিয়াও তেওঁলোকক বুজিবলৈ নিদিও যে তেওঁলোকে মোৰ ক্ষতি কৰিছে৷












