![]()
নিউজ ডেক্স:
ৰাজস্থানত ২৩৪ কিলোগ্ৰাম ওপিয়াম জব্দ কৰাৰ লগতে দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে৷ নাকক’টিক্স কণ্ট্ৰোল ব্যুৰু বা এনচিবিৰ পৰা পোৱা তথ্য মতে এই ড্ৰাগছখিনি হ’ল চলিত বছৰত বাজেয়াপ্ত কৰা পৰিমাণৰ ভিতৰত সৰ্বাধিক৷
ইয়াৰ আগতে এই বছৰত ইমান বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য বাজেয়াপ্ত কৰা হোৱা নাছিল৷ ৰাজস্থানৰ চিত্তোৰগড় জিলাৰ ছাদি গাঁৱত ১৯ জুলাইত চলোৱা হৈছিল এক অভিযান৷
দিল্লীৰ এনচিবিৰ বিষয়াই জনোৱা মতে যোধপুৰ জ’নেল ইউনিটৰ দলে সেইদিনা আৰ লাল নামৰ লোকজনৰ ঘৰত অভিযান চলাই ২৩৩.৯৭ কিলোগ্ৰাম ওপিয়াম উদ্ধাৰ কৰে৷ এই সন্দৰ্ভত এম কে ধাকৰ নামৰ এক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে৷












