নিউজ ডেস্ক:
ক’ৰোনা ৰোধক ঔষধ বজালৈ অনাৰ অনুমতি-পত্ৰ লাভ কৰিছে ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়াৰ পৰা। সেই মতে চিপলাই বজাৰলৈ আনিছে এই ঔষধ। নাম হ’ব চিপ্লেনজা। অহা মাহতেই বজাৰলৈ আহিব এই ঔষধ। ক’ৰোনাৰ সাধাৰণ মৃদু উপসর্গ থাকিলে এই ঔষধ দিয়া হ’ব। কোম্পানীটোৱে জনাইছে যে ভাৰতীয় বজাৰত এই ঔষধৰ প্ৰতিটো টেবলেটৰ দাম ধার্য্য কৰা হৈছে ৬৮ টকা।
পূৰ্বৰ ঔষধতকৈ দাম কম চিপ্লেঞ্জাৰ
ইয়াৰ পূৰ্বে গ্লেনমার্ক ফার্মাসচিউটিকেলছে ফেবিফ্লু নামে ফেভিপিৰাভিৰক বজাৰলৈ আনিছিল। সাধাৰণ বা মজলীয়া ক’ৰোনা উপসর্গ যাৰ আছে, তেওঁলোকৰ চিকিৎসাৰ বাবে এই টেবলেট ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল। প্রতিটো টেবলেটৰ দাম আছিল ১০৩ টকা। পিছত ইয়াৰ দাম কমাই ৭৫ টকা কৰা হয়। কিন্তু, এইবাৰ তাতকৈও কম দামত ফেভিপিৰাভিৰ বজাৰলৈ আনিছে চিপলাই। যাৰ দাম হ’ব ৬৮ টকা।
জৰুৰী ক্ষেত্ৰত প্রয়োগৰ বাবে অনুমতি
এই ঔষধ মাৰ্কেটিং কৰিবলৈ চিপলাৰ সৈতে কাম কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অব কেমিকেল টেকনোলজিয়ে। কিন্তু, চিপ্লেনজা প্রস্তুত কৰা, বজাৰলৈ অনাৰ সম্পূৰ্ণ দায়িত্বই পাইছে চিপলাই। ইয়াক জৰুৰী ভিত্তিত প্রয়োগৰ বাবে অনুমতি-পত্র দিছে ডিজিচিআই-এ।