![]()
নিউজ ডেস্ক:
‘মন কী বাত’ৰ এক নতুন সংস্কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ দেশবাসীক সম্বোধন কৰে। তেওঁ পোনতে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সৈনিকসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ বীৰ পৰাক্ৰমৰ কথা স্মৰণ কৰে। আনহাতে, কাৰ্গিলৰ যুদ্ধৰ বীৰ শ্বহীদসকললৈও শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, তেওঁলোকৰ বীৰত্বৰ কাহিনীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।
আজিৰ ‘মন কী বাত’ত প্ৰথম আক্ৰমণৰ লক্ষ্য হিচাপে লয়। পাকিস্তানক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি তেওঁ কয় যে যিকোনো কাৰণত শত্ৰুতা কৰাটোৱে শত্ৰুৰ স্বভাৱ। যদি কোনোবাই ভাল কৰিব বিচাৰে তাৰো লোকচান কৰিব বিচাৰে।
ক’ৰোণাৰ যুঁজত দেশক নতুন দিশ গ্ৰামাঞ্চলসমূহে দেখুৱাইছে বুলি উল্লেখ কৰি পঞ্চায়তসমূহৰ প্ৰশংসা কৰে। জম্মুৰ এখন গাঁৱৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে তাৰ মুখীয়াল বলবীৰ কৌৰে নিজা প্ৰচেষ্টাত ৩০খন বিছনাযুক্ত এটা কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰি দিছে, সমগ্ৰ
পঞ্চায়ত নিজে ছেনিটাইজেচনৰ কাম কৰিছে। দেশবাসীৰ প্ৰয়াসৰ বাবেই দেশত ক’ৰোণাৰ সুস্থ হোৱাৰ হাৰ আন দেশৰ তুলনাত ভাল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। আনহাতে, সংক্ৰমণৰ বিপৰীতে দেশত কৰোণাৰ মৃত্যুৰ হাৰ যথেষ্ট কম।
মাস্ক পিন্ধা সন্দৰ্ভত মোদীয়ে কয় যে চিকিৎসক-নাৰ্ছসকলে ঘণ্টাৰ পিছত ঘন্টা ধৰি মাস্ক পিন্ধি মানুহৰ জীৱন বচাবলৈ আত্মনিয়োগ কৰিছে। আপোনালোকৰ পিন্ধাত সমস্যা হ’লে তেওঁলোকৰ কথা মনত পেলাব।
ক’ৰোণাৰ প্ৰকোপ এতিয়াও কমা নাই বুলি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু স্থানত দ্ৰুতগতিত সংক্ৰমণ হৈছে। এই ক্ষেত্ৰত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰা উচিত। মাস্ক পিন্ধা, দুই গজৰ ব্যৱধান বৰ্তাই ৰখা, ঘনে ঘনে হাত ধোৱা, চাফ–চিকুণতাৰ প্ৰতি দৃষ্টি ৰখা আদি কাৰ্যই আমাক কৰোণাৰ পৰা বচোৱাৰ প্ৰধান অস্ত্ৰ বুলিও তেওঁ উল্লেখ কৰে।












